কৰ্ণাটকত লোকসভাৰ আসনৰ সংখ্যা ২৮খন। কৰ্ণাটকৰ ১৪টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১৪টাত তৃতীয় পৰ্যায়ত ৭ মে’। নির্বাচন আৰম্ভ হোৱাৰ পূর্বে এই প্রভাৱশালী নেতাগৰাকীৰ পক্ষপাতিত্বৰ বাবেই হায়দৰাবাদ-কর্ণাটক অঞ্চলত বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি এটা অংশই বিশ্বাস কৰে৷