NORTHEAST NOW (Assamese)

‘Gpay’ৰ নতুন সংস্কৰণ! স্কেন কৰিলে দেখা পাব বিজেপি চৰকাৰৰ দুৰ্নীতি

April 13, 2024 2:34 pm ·

জনপ্ৰিয় ‘ই-ৱালেট’ জীপেৰ শৈলীত নিৰ্মিত এখন পোষ্টাৰ। পোষ্টাৰ সন্নিৱিষ্ট হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি! তামিলনাডুত নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। বিজেপিৰ অভিযোগ যে প্ৰধানমন্ত্ৰীক বদনাম কৰিবলৈ ৰাজ্যজুৰি এই পোষ্টাৰখন প্ৰচাৰ কৰা হৈছে।

লগতে পঢ়ক: ভোটদাতাসকলৰ দায়িত্ব

একৰঙী পোষ্টাৰখনত মোদীৰ ছবিৰ ওপৰত তামিল ভাষাত ‘জী’ লিখা আছে। তাৰ পাছত ইংৰাজীত ‘পে’। প্ৰসংগক্ৰমে ‘জী’ হিন্দীত সন্মানীয় হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকী বিজেপিৰ নেতা-কৰ্মীৰ মাজত ‘মোডীজী’ নামেৰে জনাজাত। পোষ্টাৰত মোদীৰ ছবিখন আচলতে এটা ‘QR code’! এই QR code স্মাৰ্টফোনত স্কেন কৰিলে দেখা পাব বিজেপিৰ বিভিন্ন বিষয় যেনে নিৰ্বাচনী বণ্ডৰ দুৰ্নীতি আৰু ধন সৰবৰাহ আদি।

লগতে পঢ়ক: ২০২০ চনৰ পৰা অসমৰ ৯ জন বিজেপিৰ সাংসদে MPLAD আঁচনি ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে: RTI তথ্য

পোষ্টাৰখনত মোদীৰ ছবিৰ তলত ইংৰাজী আৰু তামিল ভাষাত স্মাৰ্টফোনত ‘QR code’ স্কেন কৰাৰ বিষয় লিখা আছে। লগতে ‘কেলেংকাৰী’ (দুৰ্নীতি) শব্দটো দুয়োটা ভাষাতে লিখা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই পোষ্টাৰখনৰ দায়িত্ব এতিয়াও কোনো ৰাজনৈতিক দল বা মিত্ৰজোঁটে লোৱা নাই।

লগতে পঢ়ক: পৰম্পৰা! এশ এবিধ শাক কি কি জানেনে? জানি লওক গৰু বিহুত খোৱা ১০১ বিধ শাকৰ নাম

প্ৰসংগক্ৰমে যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ সময়ত তামিলনাডুৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো একেধৰণৰ পোষ্টাৰ দেখা গৈছিল। সেই পোষ্টাৰখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল ‘পে চি এম’। আৰু তাত আছিল ই-ৱালেটৰ QR স্কেনকোড, তাৰ তলত তেতিয়াৰ মুখ্যমন্ত্ৰী, বিজেপি নেতা বাসৱৰাজ বোমাইৰ ফটো আছিল। তলত লিখা আছিল- ‘৪০ শতাংশ লোৱা হৈছে’।সেই সময়ত পোষ্টাৰখনক লৈ বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আয়োগৰ নিৰ্দেশত আৰক্ষীয়ে সেই সকলোবোৰ পোষ্টাৰ আঁতৰাই দিলেও কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় ৰোধ কৰিব নোৱাৰিলে।

Related News