খাদ্যত মৃত নিগনি উদ্ধাৰ; ছীল কৰি দিয়া হ’ল ৰেষ্টুৰেণ্ট
আহমেদাবাদৰ এখন ৰেষ্টুৰেণ্টত ২০ জুনত পৰিবেশন কৰা সাম্ভাৰত এহাল দম্পতীয়ে “মৃত নিগনি” পোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত ছীল কৰা হয় নিকোল অঞ্চলত অৱস্থিত ৰেষ্টুৰেণ্ট।
পত্নীৰ সৈতে অবিনাশে দেৱী ডোছা পেলেচ নামৰ ৰেষ্টুৰেণ্টত দম্পতীহালে ডোছাৰ খাবলৈ গৈছিল। তেওঁলোকৰ অৰ্ডাৰ অহাৰ আগতেই তেওঁলোকক সাম্ভাৰ আৰু চাটনি দিয়া হৈছিল।সেই সময়তে অবিনাশৰ সাম্ভাৰৰ মাজত “মৃত নিগনি” পোৱা বুলি অভিযোগ উঠিছে।
অবিনাশে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলক ততাতৈয়াকৈ সতৰ্ক কৰি দিয়াৰ লগতে আহমেদাবাদৰ পৌৰসভা কৰ্তৃপক্ষকো খবৰ দিয়ে। ৰেষ্টুৰেণ্টখন পৰিদৰ্শন কৰাৰ লগে লগে কৰ্তৃপক্ষই ছীল কৰি দিয়ে।
আহমেদাবাদ পৌৰ নিগমে ছীল কৰাৰ সময়ত এখন জাননীত উল্লেখ কৰিছে যে পাকঘৰটো মুকলিত থকাৰ বাবে খাদ্যৰ ভিতৰত জীৱ বা পোক-পৰুৱা পৰি যোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে হোটেলখন বন্ধ থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।