NORTHEAST NOW (Assamese)

বিহুৱে পাঠ্যক্ৰমত পালে বিষয়ৰ স্থান

June 19, 2020 9:29 pm · এন ই নাও নিউজ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিহুক বিষয়ৰূপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা বিহুক ঐচ্ছিক বিষয়ৰূপে অধ্যয়ন কৰিব পাৰিব।

জানিব পৰা মতে জয়কান্ত গন্ধীয়া, খগেন গগৈ আৰু ইছমাইল হোছেইনে বিহুৰ পাঠ্যক্ৰম যুগুত কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমৰ সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতি সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে শিক্ষা সংসদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তাৰোপৰি, শিক্ষা সংসদে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা ২৭টা বৃত্তিমূলক বিষয় আৰম্ভ কৰিবলৈয়ো সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News