• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এআইৰ সহায়ত হাজাৰৰো দুৰাৰোগ্য আৰু বিৰল ৰোগ চিনাক্ত কৰা সম্ভৱ: গৱেষকৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 7:16 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক যুগান্তকাৰী উদ্ভাৱন! কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সহায়ত হাজাৰৰো অধিক দুৰাৰোগ্য আৰু বিৰল ৰোগ চিনাক্ত কৰিব পৰা এক নতুন মডেল উদ্ভাৱন কৰা হৈছে। ব্ৰিটেইন, জাৰ্মানী আৰু চুইজাৰলেণ্ডৰ বিজ্ঞানীসকলে একেলগে এই গৱেষণা সম্পন্ন কৰি দাবী কৰিছে যে এই এআই সঁজুলিটোৱে ভৱিষ্যতে বহুতো জটিল ৰোগৰ নিৰাময়ৰ পথ প্ৰশস্ত কৰিব পাৰে। গৱেষণা পত্ৰ বিখ্যাত আলোচনী ‘দ্য নেচাৰ’ত প্ৰকাশিত হৈছে।

গৱেষকসকলে বিশ্বৰ বিভিন্ন দেশৰ বায়’বেংকত সংৰক্ষিত তথ্যৰ ভিত্তিত এটা উন্নত এলগৰিদম প্ৰস্তুত কৰিছে। এই এলগৰিদমে যিকোনো বিৰল বা নিৰাময় কৰিব নোৱাৰা ৰোগ চিনাক্ত কৰাৰ লগতে ইয়াৰ সম্ভাৱ্য চিকিৎসা পদ্ধতিও সূচিত কৰিব পাৰিব। নতুন সঁজুলিটোৰ নাম ‘ডেলফি-২এম এআই’। ইয়াত হাজাৰ হাজাৰ ৰোগৰ তথ্য সন্নিবিষ্ট কৰা হৈছে, যাৰ ফলত ই বিৰল জিনীয় ৰোগসমূহো সহজে ধৰা পেলাব পাৰিব। গৱেষকসকলে কয় যে এই যন্ত্ৰটোৱে কোষৰ ডি এন এত ঘটা বৃহৎ পৰিৱৰ্তন বা ৰাসায়নিক মিউটেচন চিনাক্ত কৰি ৰোগৰ কাৰণ বিচাৰি উলিয়াব পাৰে।

Apply Now

চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইতিমধ্যে হৃদৰোগ বা কেন্সাৰৰ সম্ভাৱনা আগতীয়াকৈ ধৰা পেলোৱাত এআই সঁজুলি ব্যৱহাৰ হৈ আহিছে। গৱেষকসকলে জনোৱা মতে, যিকোনো দুৰাৰোগ্য ৰোগত ডি এন এত ঘটা পৰিৱৰ্তনসমূহ এআইয়ে সঠিকভাৱে চিনাক্ত কৰিব পাৰে, যিটো মানুহৰ পক্ষে জটিল। বৰ্তমান এই সঁজুলিটো পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে। কম্পিউটাৰৰ এলগৰিদমে সঠিকভাৱে কাম কৰা আৰু ৰোগ চিনাক্ত কৰাত সফল হোৱা নিশ্চিত কৰিবলৈ গৱেষকসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

গৱেষকসকলৰ মতে, এই পদ্ধতি সফল হ’লে কেইবাটাও বিৰল আৰু মাৰাত্মক ৰোগ নিৰাময় কৰা সম্ভৱ হ’ব। ইয়াৰ উপৰিও অধিক উন্নত চিকিৎসা গৱেষণাৰ সুবিধা হ’ব। এই আৱিষ্কাৰে চিকিৎসা জগতত নতুন আশাৰ সঞ্চাৰ কৰিছে, যিটোৱে লাখ লাখ ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। গৱেষণা দলটোৱে ভৱিষ্যতে এই সঁজুলিটোক অধিক উন্নত কৰি ব্যৱহাৰিক ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd