লখিমপুৰত AI4Bharat-ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি

AI4Bharat ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ অধীনত কাম কৰা এটা লাভ অনাদায়ী সংস্থা৷ ই ভাৰত চৰকাৰৰ ইলেক্‌ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeiTY)ৰ অধীনত ভাৰতৰ সংবিধান স্বীকৃত ২২টা ভাষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি বিকশিত কৰাৰ লক্ষ্যৰে ডিজিটেল ইণ্ডিয়া ভাষিণী (Digital India Bhashini) প্ৰকল্পৰ বাবে কাম কৰি আছে৷ 

বৰ্তমান AI4Bharat-ৰ অসমীয়া ভাষাৰ গৱেষণা বিভাগত ৭জন ভাষা বিশেষজ্ঞ আৰু লিপ্যন্তৰণ বিভাগত ৭জন ভাষা সমৰ্থকে কাম কৰি আছে আৰু শেহতীয়াকৈ Ai4Bharat-এ অসমীয়া ভাষাৰ বাবে স্বয়ংক্ৰিয় বাক চিনাক্তকৰণ (Automatic Speech Recognition)ৰ সঁজুলি নিৰ্মাণৰ বাবে অসমৰ ২২খন জিলাৰ পৰা বিভিন্নজন ব্যক্তিৰ পৰা কণ্ঠ্য তথ্য সংগ্ৰহ (Voice-Data Collection)ৰ বাবে এক নতুন প্ৰকল্প হাতত লৈছে৷ 

এই প্ৰকল্পৰ উদ্দেশ্য হৈছে ১৮ বছৰ উৰ্দ্ধৰ পুৰুষ-মহিলা সকলো লোকৰে পৰা Voice-Data আহৰণ কৰা৷ পৰীক্ষামূলকভাৱে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰ জিলাত ২০০জনতকৈও অধিক তথ্যদাতাৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পাছত বৰ্তমান অসমৰ বিভিন্ন জিলাত এই কাৰ্যসুচী ৰূপায়ণ কৰা হৈছে৷ 

বিগত জুলাই মাহৰ পৰা লখিমপুৰ জিলাত আৰম্ভ কৰা এই  তথ্য সংগ্ৰহ কাৰ্যসুচী আগষ্টৰ পহিলা সপ্তাহত সফলতাৰে সমাপ্ত হৈছে৷ বৰ্তমানেও অসমৰ শোণিতপুৰ, দৰং আৰু নলবাৰী জিলাত ২০জনতকৈও অধিক তথ্য সংগ্ৰাহকে বিভিন্ন বয়সৰ গোটৰ তথ্যদাতাৰ পৰা তথ্য সংগ্ৰহ কৰি আছে৷ সেয়ে ভাষাটোক কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এই জিলাকেইখনৰ লগতে সমগ্ৰ অসমবাসীৰ পৰা AI4Bharat-এ সহায় সহযোগিতা কামনা কৰিছে৷

লগতে পঢ়কঃ জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে

লগতে পঢ়কঃ ক্ৰন’ল’জী! আদানীৰ ‘সংঘী ইণ্ডাষ্ট্ৰীজ’ৰ অংশীদাৰিত্ব ক্ৰয়ৰ পিছতে কংগ্ৰেছে তুলিছে অভিযোগ

লগতে পঢ়কঃ ফেচবুক কৰ্ণাৰ : কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয়?