• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক্ৰন’ল’জী! আদানীৰ ‘সংঘী ইণ্ডাষ্ট্ৰীজ’ৰ অংশীদাৰিত্ব ক্ৰয়ৰ পিছতে কংগ্ৰেছে তুলিছে অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 6:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টে পোহৰলৈ অনা দেশৰ ধনকুবেৰ গৌতম আদানীৰ জালিয়াতিৰ অভিযোগক কেন্দ্ৰ কৰি গত কিছুদিন পূৰ্বে উত্তাল হৈ উঠিছিল দেশৰ ৰাজনীতি। আদানীৰ বিপক্ষে তদন্তৰ দাবী তুলি সংসদ উত্তাল কৰি তুলিছিল কংগ্ৰেছে। 

‘মিত্ৰ’ আদানীৰ সৈতে প্ৰধানমন্ত্ৰী মোদী তথা কেন্দ্ৰ চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাইছিল বিৰোধীয়ে। হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টৰ ফলত বৃহৎ সংকটৰ সন্মুখীন হৈছিল গৌতম আদানী। অৱশ্যে এতিয়া এই সংকটৰ পৰা ক্ৰমান্বয়ে মুক্ত হৈছে আদানী গ্ৰুপ।

Apply Now

ইয়াৰ মাজতে আদানী গ্ৰুপৰ অম্বুজা চিমেণ্টে এইবাৰ ক্ৰয় কৰিছে সংঘী ইণ্ডাষ্ট্ৰীজৰ অংশীদাৰিত্ব। সংঘী ইণ্ডাষ্ট্ৰীজৰ প্ৰমোটাৰ গ্ৰুপ ৰবি সংঘী আৰু পৰিয়ালৰ পৰা ৫৬.৭৪ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে অম্বুজা চিমেণ্টে। 

ইয়াৰ উপৰিও সাধাৰণ বিনিয়োগকাৰীৰ হাতত থকা আৰু ২৬ শতাংশ শ্বেয়াৰ মুকলি বজাৰৰ পৰা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। এনে হ’লে সংঘী ইণ্ডাষ্ট্ৰীজৰ মুঠ ৮২.৭৪ শতাংশ শ্বেয়াৰ অম্বুজা চিমেণ্টৰ হাতলৈ আহিব।

আদানীৰ এই অধিগ্ৰহণৰ পিছতে ৰাজনৈতিক বিবাদ আৰম্ভ হৈছে। দেওবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আদানী গ্ৰুপৰ এই নতুন পদক্ষেপৰ আঁৰৰ ক্ৰন’ল’জী বাখ্যা কৰিছে। 

ৰমেশৰ ভাষ্য মতে, সংঘী ইণ্ডাষ্ট্ৰীজৰ অধিগ্ৰহণৰ আলোচনা আৰম্ভ হোৱা বুলি জানিব পাৰি আয়কৰ বিভাগে শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলাইছিল। ইয়াৰ ফলত শ্ৰী চিমেণ্ট শ্বেয়াৰ ক্ৰয়ৰ দৌৰৰ পৰা আঁতৰি যায় আৰু আদানীৰ বাবে পথ মুকলি হয় বুলি ৰমেশে কটাক্ষ কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আদানীক বহুমূলীয়া সম্পত্তি গতাই আহিছে আৰু আদানী গ্ৰুপৰ প্ৰতিযোগীসকলৰ ওপৰত তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি আহিছে।

উল্লেখ্য যে, শেহতীয়াকৈ আয়কৰ বিভাগে শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলাই কমেও ২৩ হাজাৰ কোটি টকাৰ কৰ জালিয়াতিৰ ইংগিতপূৰ্ণ নথি-পত্ৰ জব্দ কৰা বুলি প্ৰকাশ কৰিছিল।

আদানী গ্ৰুপক সংঘী ইণ্ডাষ্ট্ৰীজৰ অংশীদাৰিত্ব গতাই দিয়াৰ লক্ষ্যৰেই শ্ৰী চিমেণ্টৰ কাৰ্যালয়ত অভিযান চলোৱা বুলি মূলত: ৰমেশে দাবী কৰিছে। ‘মোদীৰ সহযোগীসকলক সমৃদ্ধ কৰাৰ বাবে কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰৰ দীৰ্ঘদিনীয়া ধাৰা আমি লক্ষ্য কৰি আহিছো’ বুলিও মন্তব্য কৰে ৰমেশে।

লগতে পঢ়কঃ ফেচবুক কৰ্ণাৰ : কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয়?

লগতে পঢ়কঃ আহিল অস্কাৰ, নাপালে ধন! পৰিচালক-প্ৰযোজকৰ বিপক্ষে আইনী যুঁজত নামিল বোমন-বেলী

লগতে পঢ়কঃ কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল হুন মানেট; দেশখনৰ ৰজা ছিহামানীয়ে দিলে নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd