• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আহিল অস্কাৰ, নাপালে ধন! পৰিচালক-প্ৰযোজকৰ বিপক্ষে আইনী যুঁজত নামিল বোমন-বেলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 4:41 pm
The Elephant Whisperers
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিনৰ অস্কাৰ জয়েৰে দেশৰ নাম উজ্বলাই তুলিছিল ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’- এ। বিশ্ব দৰবাৰত সমাদৃত তথ্যচিত্ৰখনৰ এই সাফল্যত সমগ্ৰ দেশে প্ৰকাশ কৰিছিল আনন্দ। ছবিখনত অভিনয় কৰা দুই প্ৰধান চৰিত্ৰ তামিলনাডুৰ মাউত বোমন আৰু তেওঁৰ পত্নী বেলী উষ্ম প্ৰশংসিত হৈছিল।

অস্কাৰ জয়ৰ পিছত হাতত পুৰস্কাৰটি তুলি হাস্য বদনে ফটো তুলিছিল দুয়ো। পিছে সেই হাঁহিমুখীয়া ফটোখনৰ আঁৰত থাকি যোৱা আন এক বিষয় শেহতীয়াকৈ সমুখলৈ আনিছে বোমন-বেলীয়ে। দম্পতীহালে তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজকৰ বিৰুদ্ধে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

Apply Now

ইতিমধ্যে বোমন-বেলীয়ে অস্কাৰ জয়ী তথ্যচিত্ৰখনৰ নিৰ্মাতা কাৰ্তিকি গনজালভেছলৈ জাৰি কৰি আইনী জাননী। পৰিচালক কাৰ্তিকি আৰু প্ৰযোজকে প্ৰতিশ্ৰুতি অনুসৰি প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ তুলিছে বোমন-বেলীয়ে আৰু সেয়ে প্ৰেৰণ কৰা হৈছে আইনী জাননী।

আইনী জাননীখনত উল্লেখ কৰা মতে, দম্পতীহালক ক্ষতিপূৰণ হিচাপে তথ্যচিত্ৰখনৰ পৰা আহৰণ কৰা আয়ৰ ওপৰত ভিত্তি কৰি এটা উপযুক্ত ঘৰ আৰু ATV বাহন আৰু এককালীন সাহায্য হিচাপে পৰ্যাপ্ত আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

বোমন-বেলীক এফালে সকলোৰে সৈতে তথ্যচিত্ৰখনৰ প্ৰকৃত নায়ক হিচাপে চিনাকি কৰাই দিয়া হৈছিল যদিও আনফালে ছবি নিৰ্মাতাই তামিলনাডুৰ মুখ্যমন্ত্ৰীকে ধৰি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰ্থিক সুবিধা লাভ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰা হৈছে।

বোমন-বেলীৰ অভিযোগ মতে, তেওঁলোকে তথ্যচিত্ৰখনৰ শ্বুটিঙৰ সময়ত বহু টকা খৰচ কৰিছিল। সেই ধন প্ৰযোজক আৰু পৰিচালকে তেওঁলোকক ঘূৰাই নিদিলে। পৰিচালক কাৰ্তিকিয়ে তেওঁলোকক ধন পৰিশোধৰ আশ্বাস দিছিল যদিও অস্কাৰ লাভৰ পিছত পৰিচালক-প্ৰযোজকৰ ব্যৱহাৰ সলনি হ’ল বুলি বোমন-বেলীয়ে দাবী কৰে।

ইফালে বোমন-বেলীৰ এই অভিযোগক মিছা বুলি ঘোষণা কৰিছে তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰডাকচন কোম্পানীয়ে। পৰিচালক কাৰ্তিকিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি অনুসৰি ধন পৰিশোধ কৰা হৈছে বুলি দাবী কৰে। আনহাতে তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰা শিখা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডেও নস্যাৎ কৰিছে অভিযোগ।

এক বিবৃতিত প্ৰতিষ্ঠানটোৱে বোমন-বেলীয়ে উত্থাপন কৰা অভিযোগ অসত্য বুলি দাবী কৰিছে। প্ৰতিষ্ঠানটোৱে লগতে তথ্যচিত্ৰখন সজাগতা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মাণ কৰা বুলি দোহাৰি ইয়াৰ দ্বাৰা যথেষ্ট সজাগতা বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd