• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ : কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 6:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনৰ সদস্য? ধিক্কাৰ।

আপোনালোকৰ হাঁহি উঠিছেনে? ছাত্ৰ-ছাত্ৰীৰ সংগঠনত বোলে কলেজৰ অধ্যক্ষই সদস্য পদ লৈছে?ছাত্ৰ সংগঠনত অধ্যক্ষ বা অধ্যাপকৰ কাম কি? ইমান নিলাজ কোনো অধ্যক্ষ থাকেনে যে তেওঁৰ ছাত্ৰ এজনৰ অধ্যক্ষতাত তেওঁ সেই ছাত্ৰ সংগঠনটোৰ সদস্যতা গ্ৰহণ কৰে, তাতে এটা সাম্প্ৰদায়িক সংগঠনৰ!
কিছুদিন পূৰ্বে সমষ্টি পুনৰ্নিদ্ধাৰণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক অগণতান্ত্ৰিকভাৱে নিলম্বন কৰা হৈছিল। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ।এতিয়া ছাত্ৰ সংগঠন এটাৰ, ৰাজনৈতিক দলৰ লগত যুক্ত ছাত্ৰ সংগঠন এটাৰ, সাম্প্ৰদায়িক, হিন্দু-মুছলমানৰ ৰাজনীতি কৰা ছাত্ৰ সংগঠন এটাৰ সদস্য পদ গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’বনে?
চৰকাৰে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক আন্দোলনত অংশগ্ৰহণ বাৰণ কৰিছে! শিক্ষানুষ্ঠানৰ মূৰব্বীক নিৰ্দেশ দিছে যাতে ছাত্ৰ- ছাত্ৰী কোনোপধ্যেই আন্দোলনত যাব নোৱাৰে।ক’বলৈ গ’লে, এয়া কানিংহাম চাৰ্কুলাৰ। তাৰ পাছত কলেজৰ অধ্যক্ষই অধ্যক্ষৰ চকীখনত বহি ছাত্ৰ সংগঠনৰ সদস্য পদ লোৱাৰ ফটো আপলোড কৰিব আৰু তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱা নহ’ব সেইটো কেনেকৈ হ’ব? তেওঁলোকে কলেজৰ অধ্যক্ষৰ আসনখন কলংকিত কৰা নাইনে? তেওঁলোকে তাৰ পাছতো অধ্যক্ষৰ আসনত কেনেকৈ বহি থাকিব পাৰিছে?
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বা ABVP Assam ৰ অফিচিয়েল ফেচবুক পেজত প্ৰকাশ পোৱা মতে উজনি অসমৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপলজ্যোতি মহন্ত, অধ্যাপক শুভাশিষ শৰ্মা, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক মূৰব্বী তথা অধ্যাপক কৌশিক সন্দিকৈ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়া , শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ বিভাস দেৱ, অধ্যাপক চৈকাতেন্দু দেৱৰ লগতে বহু সংখ্যক কলেজ শিক্ষকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰিছে। এতিয়া চৰকাৰে এওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে? সংশ্লিষ্ট মহাবিদ্যালয়ৰ বিবেকবান ছাত্ৰ-ছাত্ৰসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে?
এটা নিৰ্দিষ্ট ছাত্ৰ সংগঠনত যোগদান কৰাৰ পাছত সেই অধ্যক্ষসকলৰ পৰা অন্য ছাত্ৰ-ছাত্ৰীসকলে ন্যায় আশা কৰিব পাৰেনে? এটা উগ্ৰ সাম্প্ৰদায়িক সংগঠনত যোগদান কৰাৰ পাছত সেই শিক্ষাগুৰুসকলৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু সমাজে বিশেষ শিকিবলগীয়া থাকিবনে?
কিছুদিনৰ পূৰ্বে দৰঙৰ এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলক মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু এইবাৰ তেওঁলোকৰে ভাতৃ সংগঠনটোৱে মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অধ্যাপকক সদস্য পদ প্ৰদান কৰি শিক্ষানুষ্ঠানসমূহৰ গেৰুৱাকৰণ সম্পূৰ্ণ কৰিব খুজিছে। এয়া অসমৰ শিক্ষা জগতৰ বাবে অশনি সংকেত।
এতিয়া অসমৰ ৰাজনীতি এনেকুৱা যে শিক্ষাগুৰুসকলে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, ন্যায় প্ৰতিষ্ঠাৰ কথা ক’ব নোৱাৰে, নিজৰ ন্যায্য প্ৰাপ্যও বিচাৰিব নোৱাৰে, কেৱল আৰু কেৱল হিন্দু-মুছলমানৰ সংঘাত লগোৱাৰ চেষ্টা কৰি থকা সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছ শিবিৰৰ সৈতে জড়িত হ’ব পাৰে!! মুখ্যমন্ত্ৰী ডাঙৰীয়া , আপুনি এই ক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে? শিক্ষামন্ত্ৰী ডাঙৰীয়া, শিক্ষানুষ্ঠানৰ এই লাজ লগা ৰাজনীতিৰ বিৰুদ্ধে আপুনি গৰজি উঠিবনে?
আগন্তুক দিনত অসম চৰকাৰে কি স্থিতি লয় সেয়া অসমবাসীয়ে লক্ষ্য ৰাখিব।সংশ্লিষ্ট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়াও লক্ষণীয় হ’ব।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd