• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ কাগজ কল ৰক্ষাৰ দাবীত যৌথ প্ৰতিবাদ কাৰ্যসূচী ল’ব AICCTUয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 10:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে শ্ৰমিক ইউনিয়ন AICCTUৰ উদ্যোগত আৰু গুৱাহাটী শোধনাগাৰ ইউনাইটেড বৰ্কমেন ইউনিয়নৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাৱত ‘কাগজ কল বচাওক, উদ্যোগ বচাওক, শ্ৰমিক বচাওক’ শীৰ্ষক এখনি ৰাজ্যিক শ্ৰমিক অভিবৰ্তন অনুস্থিত হয়।

AICCTU ৰ নেতা বীৰেন কলিতা আৰু সুভাষ সেনৰ দ্বাৰা পৰিচালিত অভিবৰ্তনৰ প্ৰস্তাবনা পত্ৰ পাঠ কৰে AICCTU ৰ ৰাজ্যিক সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে ।

Apply Now

অভিবৰ্তনে ২০ চেপ্টেম্বৰত জাগীৰোড আৰু কাছাৰ কাগজ কল ৰক্ষাৰ দাবীত গুৱাহাটীত যৌথ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰধান মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা, কাগজ কলৰ উৎপাদন পুনৰ আৰম্ভ কৰা,  নামৰূপ সাৰ কাৰখানা আৰু অসম চাহ নিগমৰ বাগিচাসমূহ পুনৰুজ্জীৱিত কৰণৰ দাবীত এখন ৰাজ্যিক গণ অভিবৰ্তন অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই উদ্দেশ্যে সকলো শ্ৰমিক সংগঠনৰ অংশগ্ৰহণত ‘উদ্যোগ বচাওক, শ্ৰমিক বচাওক, যৌথ সংগ্ৰাম সমিতি, অসম’ নামেৰে এখন আহ্বায়ক সমিতি গঠন কৰা হয়।

আজিৰ অভিবৰ্তনে নিম্নোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ কৰে –

১. বৃহৎ পুঁজিপতি-ব্যবসায়ীক গোষ্ঠীৰ স্বাৰ্থত ৰূপায়ণ কৰা আৰ্থিক নীতিৰ ফলত সমগ্ৰ দেশত অটোম’বাইল, ৰেল,  এয়াৰ ইণ্ডিয়া, টেক্সটাইল, নিৰ্মাণ আদি খণ্ডত লাখ লাখ শ্ৰমিক-কৰ্মচাৰীয়ে কাম হেৰুৱাব লগা ঘটনাৰ প্ৰতিবাদ জনাই আৰু প্ৰতিৰক্ষা খণ্ডৰ ৮০ হাজাৰ শ্ৰমিকে চলাই যোৱা মাহজোৰা ধৰ্মঘটৰ প্ৰতি সংগ্ৰামী সংহতি জ্ঞাপন কৰে।

২. জাগীৰোড আৰু কাছাৰ কাগজ কলৰ উৎপাদন শীঘ্ৰে আৰম্ভ কৰা আৰু শ্ৰমিক কৰ্মচাৰীৰ অনাদায় দৰ্মহা অতি শীঘ্ৰে আদায় দিয়াৰ দাবী জনায়। লগতে লোকসভাত কেন্দ্ৰীয় চৰকাৰে দুয়োটা কলৰ বাবে ৪১৪১ কোটি টকা আবণ্টন দিয়াৰ পিছতো টকা হৰলুকী হোৱা ঘটনাৰ চি বি আই তদন্তৰ দাবী জনায়।

৩. অভিবৰ্তনে নামৰূপ সাৰ কাৰখানাৰ আধুনিকীকৰণৰ বাবে পুঁজি আবন্টন দিয়া আৰু চতুৰ্থটো উৎপাদন ইউনিট গঠন কৰাৰ দাবী জনায় । লগতে অসম চাহ নিগমৰ বাগিচা সমূহ পুনৰুজ্জীৱিত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আৰু চাহ শ্ৰমিক সকলৰ সকলো প্ৰাপ্য শীঘ্ৰে আদায় দিয়াৰ দাবী জনায় । আনহাতে অসমৰ ডিগবৈ তৈল্য ক্ষেত্ৰসহ সকলো তৈল্য ক্ষেত্ৰ দেশী বিদেশী পুঁজিপতিৰ হাতত গটাই দিয়াৰ তীব্ৰ প্ৰতিবাদ জনায়  আৰু তেল শোধনাগাৰসমূহত ব্যক্তিগত অংশীদাৰ বৃদ্ধি কৰি বেচৰকাৰীকৰণৰ বাবে চলোৱা প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনায় ।

৪. অভিবৰ্তনে কেন্দ্ৰীয় চৰকাৰে ৪৪ খন কেন্দ্ৰীয় শ্ৰম আইন বিলোপ কৰি চাৰিটা বিধিত সন্নিৱিষ্ট কৰিব বিচৰা চুড়ান্ত শ্ৰমিক বিৰোধী সংস্কাৰ কাৰ্যসূচীৰ প্ৰতিবাদ জনায় আৰু অতি শীঘ্ৰে এনে সংস্কাৰ কাৰ্যসূচী বাতিলৰ দাবী কৰে ।

৫. অভিবৰ্তনে চাহ মালিক কোম্পানীসমূহে তথাকথিত লোকচান দেখুৱাই চাহ শ্ৰমিকক ২০% বোনাচ প্ৰদান কৰিবলৈ অমান্তি হোৱা ঘটনাত উদ্বেগ প্ৰকাশ কৰে আৰু ২০ % বোনাচ প্ৰদানৰ দাবী জনায় । অভিবৰ্তনে বছৰ বছৰ দাবী জনায় অহাৰ পিছতো চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫০ টকালৈ বৃদ্ধি নকৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু অতি শীঘ্ৰে সকলো বকেয়াসহ ৩৫০ টকা মজুৰি প্ৰদান কৰিবলৈ দাবী জনায় ।

৬. অভিবৰ্তনে নিৰ্মাণ শ্ৰমিক,  ঠিকা শ্ৰমিক , আদি অসংগঠিত খণ্ডৰ শ্ৰমিকৰ ওপৰত চলা মজুৰি শোষণ,  লেকামহীন ছাটাইৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু সকলো অস্থায়ী শ্ৰমিকক স্থায়ী কৰা আৰু আইনী নিশ্চয়তা সহ স্থায়ী শ্ৰমিকৰ সমানে দৰ্মহা প্ৰদান কৰিবলৈ দাবী জনায় ।

৭. অভিবৰ্তনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ দাবী জনায় আৰু নতুন পেঞ্চন আঁচনি বাতিলৰ দাবী কৰে ।

কালিৰ উক্ত অভিৱৰ্তনত বুদ্ধিজীৱী ড৹ দিলীপ বৰা, জ্যেষ্ঠ সাংবাদিক খগেন কলিতা, সংগীত শিল্পী লোকনাথ গোস্বামীকে ধৰি বহুকেইটা শ্ৰমিক ইউনিয়নৰ নেতা আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd