গিৰিজানন্দ প্ৰতিষ্ঠানত ‘শিক্ষক শিক্ষণ আৰু বিকাশ’ শীৰ্ষক অনুষ্ঠানটিৰ সফল সামৰণি

WhatsApp Image 2021-09-03 at 6.04.08 AM

অনুষ্ঠানত অংশগ্ৰহণকাৰীসকল।

গুৱাহাটীৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত যোৱা ১৯ আগষ্টৰ পৰা ১ চেপ্তেম্বৰলৈ  সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা প্ৰায়োজিত তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান খনিৰ দ্বাৰা আয়োজিত ” Innovative Teaching Methods and Application of statistical software in Advance Research in Science and Technology”  শীৰ্ষক এখনি ‘ শিক্ষক শিকন-বিকাশ অনুষ্ঠান’ এটিৰ দুসপ্তাহ যোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে।

শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাসে বন্তি প্ৰজ্বলনেৰ আৰম্ভ কৰা অনুষ্ঠানটিত অনুষ্ঠানটিৰ উদ্দেশ্য আগবঢ়োৱাৰ লগতে সকলোকে উদ্দেশ্যি আদৰণি সম্ভাষণ আগবঢ়ায় শিক্ষা প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ড: গৌৰাংগ দাসে।

সৰ্বমুঠ ২৩ খন কাৰিকৰী বৈঠক অনুষ্ঠিত হোৱা অনুষ্ঠানটিত মুখ্য বক্তাৰূপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ অধ্যাপক অজয় বি কুনুমক্কাৰা, অসম তথা উত্তৰ-পূব ভাৰতৰ শ্লেট আয়োগৰ সদস্য সম্পাদক ড: মুকুলেশ বৰুৱা, গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কিশোৰ কুমাৰ দাস, গুৱাহাটী নাইপাৰৰ প্ৰাধ্যাপক ড: আদি।

ইয়াৰ লগতে অনুষ্ঠানটিত মহানগৰীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা তথা অধ্যাপকো উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে।

শিক্ষানুষ্ঠানখনিৰ সকলো পৰ্যায়ৰ শিক্ষক তথা গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ অন্তিম কাৰ্যসূচীত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰমাণ- পত্ৰ বিতৰণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড: অলক বুঢ়াগোহাঁই ,সভাপতি ৰাতুল দাস  আৰু অধ্যক্ষ ড: গৌৰাংগ দাসে।

সদৌ শেষত প্ৰতিষ্ঠানখনিৰ প্ৰাধ্যাপক ড: দীপাংকৰ সাহাই উপস্থিত সকলোকে উদ্দেশ্যি ধন্যবাদ‌ তথা শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।