• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

এইডছ কি? আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়ে জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 12, 2022 8:09 pm
153
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইচ.আই.ভি. অৰ্থাৎ হিউমেন ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ কেৱল মানুহৰ দেহলৈ সংক্ৰমিত হোৱা এক ভাইৰাছ। এইচ.আই.ভি.য়ে দেহৰ ৰোগ প্ৰতিৰোধী কোষবোৰক ধ্বংস কৰি পেলায়। এই ভাইৰাছবিধে মানৱ দেহৰ কোষ এটাক ধ্বংস কৰি নিজৰ বংশবৃদ্ধি কৰিব পাৰে।

উল্লেখ্য যে ‘হিউমেন ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ’ আন ভাইৰাছবোৰৰ দৰে একে। কিন্তু মূল পাৰ্থক্যটো হৈছে আন আন ভাইৰাছবোৰৰ আক্ৰমণৰ পৰা দেহটোৱে ৰক্ষা পালেও এইচ.আই.ভি. ভাইৰাছৰ পৰা ৰক্ষা পাব নোৱাৰে। ইয়াৰ কাৰণ বৰ্তমানো বৈজ্ঞানিকসকলে প্ৰমাণ কৰিব পৰা নাই।

Apply Now

উল্লেখ্য যে দেহৰ কোষত এইচ.আই.ভি. বীজাণু সোমাই থাকি প্ৰতিৰোধী ‘T’ কোষ আৰু ‘CD4’ কোষবোৰক আক্ৰমণ কৰে। ফলত কোষবোৰে সংক্ৰমণ ৰোধ কৰিব নোৱাৰে। এইচ.আই.ভি.ৰ সংক্ৰমণে এইডছ ৰোগৰ সৃষ্টি কৰে।

এইডছ কি?

‘A’ হৈছে Acquired। অৰ্থাৎ এইডছ ৰোগ পিতৃ-মাতৃৰ পৰা জন্মগতভাৱে লাভ কৰিব পাৰে।‘I’- ইমিউনো, ৰোগ প্ৰতিৰোধ, ‘D’ ডেফিচিয়েন্সি, অভাৱ ঘটা। ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায়, ‘S’ ছিণ্ড্ৰম, ৰোগৰ লক্ষণ।

এইডছ ৰোগ হৈছে মাৰাত্মক ৰোগ। এইচ.আই.ভি. সংক্ৰমণৰ শেষ পৰ্যায় হৈছে এইডছ। এইডছ আক্ৰান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট হয় আৰু ৰোগীৰ সুবিধাবাদী বীজাণুৰ সংক্ৰমণৰ বাবে বিপদ বাঢ়ি যায়। এইডছ আক্ৰান্ত ৰোগীক মৃত্যুৰ পৰা বচাবলৈ চিকিৎসা প্ৰদান কৰিব লগা হয়।

তলত দিয়া কাৰ্যবোৰৰ দ্বাৰা এইচ আই ভি সংক্ৰমিত নহয়:

১)যৌন উত্তেজক বাৰ্তালাপ।

২)সাধাৰণভাৱে চুম্বন কৰিলে।

৩)স্ব-মৈথুন।

৪)সাবটা-সাবটি কৰিলে।

যোৱা কেইবাবছৰ ধৰি পুৰুষৰ চুণ্ণৎ কাৰ্যৰ দ্বাৰা এইড আই ভি সংক্ৰমণ ৰোধ কৰিব পৰা যায় নে নাযায় এই লৈ চিকিৎসকসকলে গৱেষণা চলাই আছে। গৱেষকসকলে চুণ্ণৎ কাৰ্যৰ দ্বাৰা এইচ আই ভি সংক্ৰমণ ৰোধ কৰিব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

২০০৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই পুৰুষৰ চুণ্ণৎ কাৰ্যৰ দ্বাৰা ৬০ শতাংশ এইচ.আই.ভি. সংক্ৰমণ ৰোধ কৰিব পৰা যায় বুলি এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল। উগাণ্ডা, কেনিয়া আৰু দক্ষিণ আফ্ৰিকাত এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সমীক্ষা চলাইছিল।

শেহতীয়াকৈ জানিব পৰা গৈছে যে পুৰুষৰ চুণ্ণৎ কৰিলেও এইচ আই ভি আক্ৰান্ত হ’লে মহিলাগৰাকীও এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

এইচ আই ভি আক্ৰান্ত লোকৰ চিকিৎসা সম্ভৱনে?

পূৰ্বে এই ৰোগৰ কোনো চিকিৎসা নাছিল যদিও বৰ্তমান ৰোগীগৰাকীক চিকিৎসা প্ৰদান কৰি জীয়াই ৰখাটো সম্ভৱপৰ হৈছে। এইচ আই ভি ৰোগীক ভালকৈ চোৱা-চিতা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসক, নাৰ্ছ, সমাজকৰ্মী, মনোবিদ, ফাৰ্মাচিষ্ট, পুষ্টি বিশেষজ্ঞ, দন্ত চিকিৎসক আদিৰ সহায়ু-সহযোগ অতি প্ৰয়োজন।

এইচ আই ভিৰ চিকিৎসা কৰাৰ সময়ত কেইটিমান কথালৈ মন কৰিব:

এইচ আই ভি বিশেষজ্ঞ চিকিৎসক এজনৰ ওচৰত গৈ পৰামৰ্শ ল’ব।

এইচ আই ভিৰ চিকিৎসা সেৱা আগবঢ়োৱা সংস্থা বা অনুষ্ঠানটোৰ বিষয়ে ভালকৈ জানি ল’ব।

উপযুক্ত সেৱা লাভ কৰিছে নে নাই, তাৰ প্ৰতি চকু ৰাখিব।

সময়মতে ঔষধ খাব।

কোনো ঔষধ খালে পাৰ্শ্বক্ৰিয়াই দেখা দিলে ততালিকে চিকিৎসকক জনাব।

আন চিকিৎসকৰ পৰামৰ্শ ল’বলৈ দিলে ততালিকে পৰামৰ্শ ল’ব।

চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সময়ত কি কি বিষয়ত গুৰুত্ব দিব?

এইচ আই ভি ৰোগ, চিকিৎসা সন্দৰ্ভত জানিব লগা কথাবোৰৰ তালিকা এখন কৰিব। চিকিৎসকক দেখুওৱাৰ সময়ত তেতিয়া কিবা কথা সুধিবলৈ পাহৰি যোৱাৰ ভয় নাথাকে।

বন্ধু-বৰ্গ বা ইন্টাৰনেটত এইচ আই ভি সন্দৰ্ভত তথ্য পালেই টুকি ৰাখিব।

বৰ্তমান খাই থকা ঔষধৰ তালিকা এখন কৰিব। আনকি কি কি ভিটামিন, ছাপ্লিমেন্ট খাই আছে, সেয়াও তালিকাভুক্ত কৰিব।

শেহতীয়া পৰীক্ষাৰ ৰিপৰ্টবোৰ চিকিৎসকক দেখুৱাব।

এইচ আই ভি আক্ৰান্ত পুৰুষ-মহিলা উভয়ে সমানে যত্ন ল’ব লাগে। কিন্তু মহিলাসকলে আৰু অধিক যত্ন লোৱা উচিত।

এইচ আই ভি সংক্ৰমণৰ বাবে মহিলা এগৰাকীৰ গাইনোকোল’জিকেল সমস্যাৰ সৃষ্টি হয়।

এইচ আই ভি আক্ৰান্ত মহিলাই প্ৰেগনেন্সি আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সাৱধানতা ল’ব লাগে।

যৌন ৰোগ থকা মহিলা এগৰাকী ‘Kaposis Sarcoma’ নামৰ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd