• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম সন্মিলিত মৰ্চাৰ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীলৈ অখিল ভাৰতীয় গোৰ্খা লীগৰ বিনাচৰ্ত সমৰ্থন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:37 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত মধ্য গুৱাহাটী সমষ্টিত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে, সমষ্টিটোৰ অসম জাতীয় পৰিষদ (AJP) আৰু বিৰোধীৰ ‘অসম সন্মিলিত মৰ্চা’ৰ উমৈহতীয়া প্ৰাৰ্থী কুংকি চৌধুৰীলৈ বিনাচৰ্তে সমৰ্থন আগবঢ়াইছে অখিল ভাৰতীয় গোৰ্খা লীগে (AIGL)। শুকুৰবাৰে এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গোৰ্খা লীগৰ অসম ৰাজ্যিক সমিতিয়ে এই কথা ঘোষণা কৰে।

অখিল ভাৰতীয় গোৰ্খা লীগৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ডি.বি. কাৰ্কী আৰু সম্পাদক ডম্বৰ খড়কা স্বাক্ষৰিত বিজ্ঞপ্তিটোত কুংকি চৌধুৰীক সমৰ্থন কৰাৰ কেইবাটাও কাৰণ দৰ্শাইছে। বিশেষকৈ প্ৰাৰ্থীগৰাকীৰ উচ্চ শৈক্ষিক অৰ্হতা, আধুনিক ৰাজনৈতিক দৃষ্টিভংগী আৰু পাৰিবাৰিক ঐতিহ্যৰ কথা উল্লেখ কৰিছে।

Apply Now

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, লণ্ডনৰ ইউনিভাৰ্চিটী কলেজ (UCL)-ৰ পৰা ‘শৈক্ষিক নেতৃত্ব’ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু মুম্বাইৰ NMIMS-ৰ দৰে প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা কুংকি চৌধুৰীৰ দক্ষতা আৰু গোলকীয় দৃষ্টিভংগীয়ে গুৱাহাটীৰ উন্নয়নত সহায় কৰিব। লগতে, প্ৰাৰ্থীগৰাকীৰ আধুনিক ‘Gen Z’ (জেনেৰেচন জি) ৰাজনৈতিক দৃষ্টিভংগীকো লীগে আদৰণি জনাইছে।

প্ৰাৰ্থীগৰাকীৰ সমৰ্থনৰ আন এক কাৰণ হৈছে তেখেতৰ ঐতিহাসিক গোৰ্খা ঐতিহ্য। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী হৈছে ১৯৪৩ চনত অখিল ভাৰতীয় গোৰ্খা লীগ প্ৰতিষ্ঠা কৰা নেতা তথা ভাৰতৰ সংবিধান সভাত গোৰ্খাসকলৰ প্ৰতিনিধি বাবু ডম্বৰ সিং গুৰুং আৰু ভাৰতৰ সংবিধানত স্বাক্ষৰকাৰী বেৰিষ্টাৰ অৰি বাহাদুৰ গুৰুঙৰ বংশধৰ। এই ঐতিহাসিক আৰু সাংবিধানিক পটভূমিয়ে গোৰ্খা সম্প্ৰদায়ৰ মাজত তেখেতৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিছে বুলি লীগে মত প্ৰকাশ কৰিছে।

প্ৰণিধানযোগ্য যে, ভাৰতৰ সংবিধান প্ৰণয়নত সুজাতা গুৰুং চৌধুৰীৰ পূৰ্বপুৰুষৰ বিশেষ অৱদান আছে। অখিল ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি তথা তেখেতৰ জ্যেষ্ঠ ককাক বাবু ডম্বৰ সিং গুৰুং আছিল সংবিধান সভাৰ সদস্য। তেখেতৰ মৃত্যুৰ পিছত সুজাতা গুৰুং চৌধুৰীৰ নিজা ককাক অৰি বাহাদুৰ গুৰুং উক্ত পদত নিৰ্বাচিত হৈ সংবিধান ৰচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এনে এক গৌৰৱোজ্জ্বল ঐতিহ্য বহন কৰা গুৰুং ভাতৃদ্বয়ৰ নাতিনী সুজাতা গুৰুং চৌধুৰীৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কিছু মতাদৰ্শগত অভিযোগ আনিছিল। অৱশ্যে, তেখেতে ইতিমধ্যে এই সকলোবোৰ অভিযোগ খণ্ডন কৰিছে।

অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য মিত্ৰদলসমূহক প্ৰতিনিধিত্ব কৰা কুংকি চৌধুৰীৰ নেতৃত্বত সমাজৰ সকলো শ্ৰেণীৰ লগতে গোৰ্খা সম্প্ৰদায়ৰো সাম্প্ৰদায়িক সম্প্ৰীতি আৰু প্ৰগতি সুনিশ্চিত হ’ব বুলি গোৰ্খা লীগে আশা প্ৰকাশ কৰিছে।

গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ ৰাইজৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰিবলৈ কুংকি চৌধুৰী উপযুক্ত প্ৰাৰ্থী বুলি অভিহিত কৰি অখিল ভাৰতীয় গোৰ্খা লীগে তেওঁলোকৰ সকলো সদস্য, সমৰ্থক আৰু সমষ্টিটোৰ ৰাইজক তেখেতৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছে। সমষ্টিটোৰ উন্নয়ন আৰু কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই এই সমৰ্থন সম্পূৰ্ণ বিনাচৰ্তে আগবঢ়োৱা হৈছে বুলি নেতৃবৃন্দই স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে  বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

November 17, 2026 9:45 pm
পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm
উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm
বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে  বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

November 17, 2026 9:45 pm
পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd