কোভিডৰ ডেল্টা প্লাছ ষ্ট্ৰেইন ৰুধিবলৈ দুটা ভেকচিনৰ মিশ্ৰণ ঘটোৱাৰ পোষকতা এইমছৰ সঞ্চালকৰ

covid-vaccine-mixing

ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কালান্ত ৰূপ ধাৰণ কৰা কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছে যেন প্ৰচলিত কোনো ভেকচিনকেই কেৰেপ নকৰে। ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছক ৰুধিবলৈ এতিয়াৰ ভেকচিন সমূহ কিমান কাৰ্যকৰী হ’ব তাকে লৈয়ো সন্দেহৰ সৃষ্টি হৈছে।

এতিয়ালৈকে বিশ্বৰ ৮৫ খন দেশত ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। কোভিডৰ তৃতীয় ঢৌৰ সময়তো ভাৰতত ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছ মহা বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে।
দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০ জনৰো অধিক হৈছে।

ইয়াৰ ভিতৰত ২১ জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে বুলি কৈছে যদিও সেয়া কিমান শুদ্ধ সেয়া সময়েহে ক’ব।

৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰতে দেশত আৰম্ভ হৈ যাব কোভিডৰ তৃতীয়টো ঢৌ। এই ভয়াৱহ তথ্য দিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডাঃৰণদীপ গুলেৰিয়াই।

গুলেৰিয়াই কয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকক ভেকচিন প্ৰদান কৰাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। কোভিশ্বিল্ড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাজত ৰখা ব্যৱধানে বহুতকে ৰোগ বিধৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিবলৈ দুটা ভেকচিন মিশ্ৰণ কৰি প্ৰয়োগ কৰিলে সুফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দুটা ভেকচিনৰ মিশ্ৰণ ঘটাই প্ৰয়োগ কৰিলে পাৰ্শ্বক্ৰিয়া কিছু বেছি হ’ব পাৰে বুলিও তেওঁ কয়। দুটা ভেকচিনৰ মিশ্ৰণে কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিবলৈ দেহত অধিক পৰিমাণে এণ্টিবডিৰ সৃষ্টি কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।

ক’ৰ’না ভাইৰাছে সততে ইয়াৰ চৰিত্ৰ সলনি কৰিছে বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে ইয়াৰ বাবে দেশেও কোভিডক ৰূধিবলৈ নতুন ভাবে প্ৰস্তুত হ’ব লাগিব।উল্লেখ্য অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। এনে সময়তে ডেল্টা প্লাছে নতুন বিপদ মাতিছে।