NORTHEAST NOW (Assamese)

বাৰিষাৰ সময়ত অধিক বৃদ্ধি পাব নেকি কৰ’নাৰ সংক্ৰমণ? চাওক কি ক’লে এইমছৰ সঞ্চালকে

June 28, 2020 10:31 am · এন ই নাও নিউজ
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

নতুন দিল্লীৰ ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে বাৰিষাৰ সময়ত কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত কোনো ‘ডাঙৰ পৰিৱৰ্তন’ নহয়।

কিছুমান বাতৰিত কোৱা হৈছিল যে কিছু নমনীয় বাৰিষাৰ বতৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ষিপ্ৰভাৱে বৃদ্ধি পাব।

এইক্ষেত্ৰত ডাঃ গুলেৰিয়াই কয় যে বাৰিষা কালতো কৰ’নাৰ সংক্ৰমণৰ ক্ষেত্ৰত কোনো বিশেষ পৰিৱৰ্তন নহয়।

কৰ’নাৰ আতংকই খেদি ফুৰা লোকৰ বাবে এই কথা এক সকাহৰ কাৰণ হ’ব পাৰে বুলি ভাবিব পৰা যায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আইআইটি বম্বেৰ দুগৰাকী অধ্যাপকে কৰা এক অধ্যয়নত দাবী কৰিছিল যে গৰম আৰু শুকান বতৰত কৰ’নাৰ সংক্ৰমণৰ গতি মন্থৰ হৈ পৰাৰ বিপৰীতে আদ্ৰতাভৰা পৰিৱেশত কৰ’নাৰ সংক্ৰমণৰ গতি বৃদ্ধি পায়।

ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাৎকাৰত ডাঃ গুলেৰিয়াই কয়,’’মই নাভাৱো যে বাৰিষাৰ বতৰত ইয়াৰ কিবা নাটকীয় পৰিৱৰ্তন হ’ব। যেতিয়া গ্ৰীষ্মৰ বতৰ আহিছিল তেতিয়া বহুতে কৈছিল যে সংক্ৰমণ বন্ধ হৈ যাব। কিন্তু সেয়া নহ’ল।‘’

ডাঃ গুলেৰিয়াই কয় যে এতিয়া চিকিৎসকসকলে চিকিৎসাৰ পদ্ধতি সলনি কৰিব লাগিব কিয়নো এতিয়া ডেংগু, চিকনগুনিয়াৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব আৰু যাৰ লক্ষণ কৰ’নাৰ দৰেই একেই।

এইমছৰ সঞ্চালকগৰাকীয়ে লগতে এজন লোকৰ দেহত দ্বিতীয়বাৰ কৰ’নাৰ সংক্ৰমণ সম্পৰ্কে কয় যে ইয়াৰ সম্ভাৱনা অতি কম। কিয়নো কৰ’নাৰ চিকিৎসাৰ সময়ত শৰীৰত এনে কিছুমান এন্টিবডীৰ সৃষ্টি হয় যিয়ে ৰোগীৰ দেহৰ ইম্যুনিটি শক্তিশালী কৰে।

আনহাতে, তেওঁ এই এন্টিবডীৰ দ্বাৰা সৃষ্ট ইম্যুনিটি কিমান দিনলৈ কাম কৰে তাক কোৱাটো জটিল বুলি উল্লেখ কৰে।

Related News