• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰৱঞ্চকৰ জালত এইমছ; ভুৱা চেকেৰে একাউন্টৰ পৰা উলিয়াই নিলে ১২ কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , November 30, 2019 9:27 am

2 min read

aiims_new_file_photo-770x433 next 2
10.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আগশাৰীৰ স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ)ৰ দুটা একাউন্টৰ পৰা প্ৰৱঞ্চকে ভুৱা চেক (cloned cheques)ৰ জৰিয়তে ১২ কোটিকৈ টকা উলিয়াই নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি  মতে উক্ত টকাখিনি ভাৰতীয় ষ্টেট বেংকত থকা এইমছৰ একাউন্টৰ আন চহৰৰ নন হোম ব্ৰাঞ্চৰ পৰা অবৈধভাৱে উলিয়াই নিয়া হৈছে।

আনকি এই প্ৰৱঞ্চনাৰ সম্ভেদ লাভ কৰাৰ পাছতো অপৰাধীসকলে ভুৱা চেক (cloned cheques)ব্যৱহাৰ কৰি এছ বি আইৰ দেৰাডুন আৰু মুম্বাইত থকা নন হোম ব্ৰাঞ্চৰ পৰা ২৯ কোটি টকা উলিয়াই নিয়াৰ প্ৰচেষ্টা চলায়।

অৱশ্যে, প্ৰৱঞ্চকৰ এই প্ৰচেষ্টা ব্যৰ্থ হয়। এছ বি আইয়ে ইতিমধ্যে ইয়াৰ সকলো ব্ৰাঞ্চকে সতৰ্ক কৰি দিয়াৰ বাবে আৰু অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰে এইমছ।

সূত্ৰসমূহে প্ৰকাশ কৰা মতে, এইমছৰ সঞ্চালকে চলোৱা প্ৰতিষ্ঠানটোৰ এছ বি আইৰ মূল একাউন্টটোৰ পৰা প্ৰৱঞ্চকে ৭কোটি টকা উলিয়াই নিছে। বাকী ৫কোটি টকা এইমছৰ ৰিচাৰ্ছ বিভাগৰ ডীনৰ অধীনত থকা একাউন্টৰ পৰা উলিয়াই নিয়া হৈছে।

হাস্পাতালখনৰ প্ৰশাসনে ইতিমধ্যে এই কেলেংকাৰিটোৰ তদন্ত বিচাৰি দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ ওচৰত গোচৰ দাখিল কৰিছে।

ইপিনে, স্বাস্থ্য মন্ত্ৰালয়লৈ দিয়া প্ৰতিবেদনত এইমছৰ ফলাৰ পৰা কোৱা হৈছে যে প্ৰৱঞ্চকসকলে জমা কৰা আৰু এছ বি আইৰ ব্ৰাঞ্চে আল্ট্ৰা ভায়’লেট টেষ্টত পাছ কৰাই দিয়া চেকখনৰ অৰিজিনেল চেকখন এতিয়াও প্ৰতিষ্ঠানটোৰ জিম্মাতে আছে।

প্ৰাথমিক অনুসন্ধানত এইমছৰ কোনো বিষয়া এই প্ৰৱঞ্চনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ প্ৰমান নাই বুলি কোৱা হৈছে।

বাতৰিত কোৱা হৈছে যে এছ বি আইয়ে নন হোম ব্ৰাঞ্চৰ চেক ক্লিয়াৰিং কৰোতে ভেৰিফিকেশ্যন প্ৰট’কল অনুসৰণ কৰাত ব্যৰ্থ হৈছে।

বাতৰি অনুসৰি বেংকটোক হৰলুকি হোৱা ধনখিনি একাউন্টত জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd