পুনৰ বিতৰ্কত এয়াৰ ইণ্ডিয়া : খাদ্যৰ মাজত ওলাল ব্লেড

এয়াৰ ইণ্ডিয়া পুনৰ বাতৰিৰ শিৰোনামত। এয়াৰ ইণ্ডিয়াৰ এখন বিমানত যাত্ৰীৰ খাদ্যত উদ্ধাৰ চোকা ব্লেড। যাত্ৰীজনে সেই অভিজ্ঞতা তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই অৱগত কৰিছে।

যোৱা ৯ জুনত বাংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কো অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছিল এই ঘটনা। জনা যায় যে সাংবাদিক মেথুৰেছ পল নামৰ ব্যক্তি গৰাকী সেই বিমানত গৈ আছিল।

এয়াৰ ইণ্ডিয়াৰ বিমানত থকা আলু আৰু ডুমুৰৰ ট্ৰেত ব্লেড পোৱা বুলি অভিযোগ কৰি তেওঁৰ এক্স হেণ্ডেলত খাদ্য আৰু খাদ্যৰ ভিতৰত পোৱা ব্লেডৰ ছবি পোষ্ট কৰে।

তেওঁ লিখিছে, “দুই-তিনি চেকেণ্ড খাদ্য খোৱাৰ পিছত মই কথাটো উপলব্ধি কৰিলোঁ। মই গম পালোঁ যে বস্তুটো কি। সৌভাগ্যক্ৰমে মোৰ কোনো ক্ষতি হোৱা নাছিল।”

মেথুৰেছ পলে এইটোও লিখিছে, “যিকোনো বিমানত ব্লেড থকাটো বিপদজনক। দ্বিতীয়তে, ই মোৰ জিভা কাটিব পাৰিলেহেঁতেন। তৃতীয়তে, যদি কোনো শিশুৱে এই খাদ্য খায় তেন্তে কি হ’ব?”

তেওঁ দাবী কৰে যে এই ঘটনাৰ কিছুদিনৰ ভিতৰতে এয়াৰ ইণ্ডিয়াই তেওঁক ক্ষতিপূৰণ হিচাপে বিশ্বৰ যিকোনো ঠাইলৈ বিনামূলীয়া বিজনেছ ক্লাছ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল। অৱশ্যে তেওঁ সেই সুবিধা অস্বীকাৰ কৰে।

এয়াৰ ইণ্ডিয়াৰ মুখ্য গ্ৰাহক অভিজ্ঞতা বিষয়া ৰাজেশ ডোগ্ৰাই কয়, ‘এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে আমাৰ বিমানত অতিথিৰ খাদ্যত এটা ধাতুৰ বস্তু পোৱা গৈছে। তদন্তৰ অন্তত দেখা গ’ল যে সেই ধাতু শাক-পাচলি কটা মেচিনৰ পৰা আহিছে। এই বিষয়ত কেটাৰিং পাৰ্টনাৰৰ সৈতে আলোচনা চলি আছে।”

ইয়াৰ উপৰিও যাত্ৰীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ যিবোৰ শাক-পাচলি কাটি দিয়া হয়, সেইবোৰ বাৰে বাৰে পৰীক্ষা কৰিব লাগে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।