ভেংকুৱাৰৰ পৰা দিল্লীলৈ আহিবলগীয়া এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ এজন পাইলটক মদ্যপান কৰাৰ সন্দেহত উৰণৰ পূৰ্বেই কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হয়। যোৱা ২৩ ডিচেম্বৰত সংঘটিত এই ঘটনাটো শেহতীয়াকৈ পোহৰলৈ আহিছে। কানাডাৰ কৰ্তৃপক্ষই পাইলটজনৰ শাৰীৰিক সক্ষমতাক লৈ সন্দেহ ব্যক্ত কৰাৰ পিছতে তেওঁক অধিক তদন্তৰ বাবে লৈ যোৱা হৈছিল। এই ঘটনাৰ বাবে এআই ১৮৬ নম্বৰৰ বিমানখনৰ যাত্ৰা কেইঘণ্টামান পলম হয়।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি, সুৰক্ষাৰ নিয়ম মানি চলিবলৈ আৰু যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ শেষ মুহূৰ্তত আন এজন পাইলটৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। ইয়াৰ ফলতে বিমানখন উৰা মৰাত পলম হয়। ইতিমধ্যে এই বিষয়টো অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক অৱগত কৰা হৈছে আৰু পাইলটজনৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।
বৰ্তমান উক্ত পাইলটজনক সকলো ধৰণৰ উৰণ সেৱাৰ পৰা বিৰত ৰখা হৈছে। বিমান সংস্থাটোৱে স্পষ্ট কৰি দিছে যে তদন্তত কোনো ধৰণৰ নীতি উলংঘাৰ প্ৰমাণ পালে পাইলটজনৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে এয়াৰ ইণ্ডিয়াই দুখ প্ৰকাশ কৰিছে আৰু স্থানীয় কৰ্তৃপক্ষক তদন্তত সম্পূৰ্ণ সহায় কৰিব বুলি আশ্বাস দিছে।





