যোৱা ১২ জুনত শতিকাৰ অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনাত ২৪১ জন যাত্ৰী আৰু ক্ৰুকে ধৰি মুঠ ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই কাণ্ডৰ ঠিক এমাহৰ পিছত পোহৰলৈ আহিছে দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন।
আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ অন্তত ‘এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো’ই ১৫ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ পৰা পোহৰলৈ আহিছে যে ইয়াৰ মূল কাৰণ আছিল উৰণৰ পিছত বিমানখনৰ দুয়োটা ইঞ্জিন একেলগে বন্ধ হৈ যোৱাৰ ঘটনা।
এই ঘটনাক কেন্দ্ৰ কৰি বিমানখনৰ পাইলটসকলৰ মাজত শেষ মুহূৰ্তত হোৱা বাৰ্তালাপত গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে।
শুকুৰবাৰে মাজনিশাৰ পিছত প্ৰকাশ পোৱা এএআইবিৰ প্ৰতিবেদনত কোৱা হৈছে যে ককপিটৰ ভইচ ৰেকৰ্ডাৰটোত শুনা যায়, টেক অফৰ পিছত এজন পাইলটে আনজন পাইলটক সুধিছে, “আপুনি ইন্ধন কিয় ‘কাটঅফ’ কৰিলে?” আনজন পাইলটে উত্তৰ দিলে, “মই ইন্ধন ‘কাটঅফ’ কৰা নাই। মই একো কৰা নাই।”
এই কথাবোৰৰ মাজতেই লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমানখনৰ প্ৰকৃততে কি সমস্যা হৈছিল তাৰ মূল চাবিকাঠি লুকাই আছে। এএআইবিৰ প্ৰতিবেদন অনুসৰি বিমানখনে উৰণৰ পিছত গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইঞ্জিন ১ আৰু ইঞ্জিন ২ৰ ইন্ধন কাটঅফ চুইচবোৰ হঠাতে ‘ৰাণ’ৰ পৰা ‘কাটঅফ’ অৱস্থালৈ গতি কৰে আৰু দুয়োটা ইঞ্জিন বন্ধ হৈ যায়।
কিন্তু এনহান্সড এয়াৰবৰ্ণ ফ্লাইট ৰেকৰ্ডাৰ (EAFR) অৰ্থাৎ ব্লেক বক্সৰ পৰা পোৱা তথ্যত কোৱা হৈছে যে সময় কম হ’লেও পাইলটসকলে পুনৰ ইন্ধন নিয়ন্ত্ৰণৰ চুইচবোৰ CUT OFF ৰ পৰা RUN লৈ ঘূৰাই আনে। ইন্ধন যোগান আৰম্ভ হোৱাৰ লগে লগে ইঞ্জিন ১ ষ্টাৰ্ট হ’লেও ই স্থিৰ নহ’ল। আৰু ইঞ্জিন ২ পুনৰ ষ্টাৰ্টেই নহ’ল। কিন্তু কেইছেকেণ্ডমানৰ পিছত ই এ এফ আৰ ৰেকৰ্ডিং বন্ধ হৈ যায়। ইয়াৰ কিছু সময়ৰ পিছতে এজন পাইলটে ATC লৈ MAYDAY ৰ সতৰ্কবাণী প্ৰেৰণ কৰে। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল কল চাইন সন্দৰ্ভত সবিশেষ বিচাৰিছিল যদিও কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে ৬২৫ ফুট উচ্চতাৰ পৰা প্ৰতি মিনিটত ৪৭৫ ফুট বেগত নামিবলৈ আৰম্ভ কৰে বিমানখন।
বিমানবন্দৰৰ দেৱাল পাৰ হোৱাৰ আগতে বিমানখনৰ উচ্চতা আৰু গতি অতিশয় হ্ৰাস পায়। ফলত ৩২ ছেকেণ্ডৰ ভিতৰতে মেঘানগৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিশেষজ্ঞসকলৰ মতে বিমানখনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচটো কেনেকৈ RUNৰ পৰা CUTOFF লৈ গ’ল সেই সন্দৰ্ভত বিতং তদন্ত কৰা হ’ব।
উল্লেখ্য যে সেইদিনা ফ্লাইট এ আই ১৭১ৰ ককপিটত আছিল কেপ্তেইন সুমিত সাৱাৰৱাল। শীতল মস্তিষ্ক আৰু মুহূৰ্ততে সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে তেওঁৰ বিশেষ সুনাম আছিল। তেওঁৰ আছিল ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা।
বিমানখনৰ সহ-পাইলট আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডৰ। ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা তেওঁৰো আছিল। আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই দুজন লোকৰ অভিজ্ঞতাৰ সম্যক বিশ্লেষণ চলি আছে। বিমানখনৰ পাইলট দুজনৰ সংযুক্ত উৰণ অভিজ্ঞতা আছিল প্ৰায় ১০ হাজাৰ ঘণ্টা। ইয়াৰ পিছতো দুৰ্ঘটনাটো পৰিহাৰ কৰিব পৰা নগ’ল।