ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলালে ইৰাণে। ইজৰাইলে মাজ আকাশতে ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ ধ্বংস কৰে। ইজৰাইলৰ বহু ঠাইত পুনৰ বিস্ফোৰণৰ শব্দ শুনা গ’ল। উল্লেখ্য যে আজি পুৱা ইজৰাইল আৰু আমেৰিকাই ইৰাণত আক্ৰমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইৰানে প্ৰত্যাক্ৰমণ চলাইছে।
ইপিনে, ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতৰ মাজতে টেল আভিভলৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমান মাজ আকাশৰ পৰা ভাৰতলৈ উভতি আহিছে। ইৰাণ আৰু ইজৰাইল দুয়োখন দেশেই আকাশমাৰ্গ বন্ধ কৰি দিছে।
আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৫ চনত ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছিল। সেই সময়ত আমেৰিকাই ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহকো আক্ৰমণ কৰিছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উচ্চস্বৰে কৈছিল যে তেওঁলোকে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহ ধ্বংস কৰিছে।
কিন্তু শেহতীয়াকৈ ইৰাণ আৰু আমেৰিকাৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ ওমানত ইৰাণ আৰু আমেৰিকাৰ মাজত পাৰমাণৱিক আলোচনা চলি আছে। এই সকলোবোৰৰ মাজতে আক্ৰমণ সংঘটিত হৈছে ইৰাণত।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২৬ ফেব্ৰুৱাৰীত ইৰাণ আৰু আমেৰিকাই পুনৰবাৰ আলোচনাৰ মেজত বহিছিল। কিন্তু ইয়াৰ মাজতে ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধৰ সম্ভাৱনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
এনে পৰিবেশৰ মাজতে তেহৰাণত থকা ভাৰতীয় দূতাবাসে ভাৰতীয়সকলক ইৰাণ এৰি যাবলৈ আহ্বান জনাই পৰামৰ্শমূলক জাননী জাৰি কৰিছে। ইয়াৰ পূৰ্বে যুদ্ধৰ ভয়ৰ বাবে ইৰাণত থকা ভাৰতীয়সকলকো জানুৱাৰী মাহত দেশ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছিল। ইপিনে, সোমবাৰে ইজৰাইল ভ্ৰমণৰ কথা আছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’। ইয়াৰ পূৰ্বে ইৰাণত আক্ৰমণ কৰা হৈছে।
ইপিনে, ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা খামেনেইৰ কাৰ্যালয়ৰ সমীপতো বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণৰ সময়ত খামেনেই তেওঁৰ কাৰ্যালয়ত উপস্থিত আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই।
অৱশ্যে পিছত গম পোৱা যায় যে এই আক্ৰমণৰ মাজতে খামেনেইক তেহৰাণৰ নিৰাপদ স্থানলৈ লৈ যোৱা হয়। ইফালে সমগ্ৰ তেহৰাণত অধিক বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত খামেনেইৰ কাৰ্যালয়লৈ যোৱা পথটো বন্ধ কৰি দিছে কৰ্তৃপক্ষই।





