• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেষ যাত্ৰা: গুজৰাট পোৱাৰ পিচতে ভাঙি টুকুৰা টুকুৰ কৰা হ’ব আইএনএছ বিৰাটক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 6:59 pm
birat
965
VIEWS
Share on FacebookShare on Twitter

এক দীৰ্ঘ পৰিক্ৰমাৰ  অন্ত পৰিবলৈ আৰু বেছি পৰ নাই।

দুদিন পিচতে ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱা হ’ব ভাৰতীয় নৌ সেনা বাহিনীৰ শৌৰ্য বীৰ্যৰ প্ৰতীক যুদ্ধ জাহাজ আইএনএছ বিৰাটক।

৩০ বছৰ ধৰি ভাৰতীয় নৌ সেনা বাহিনীত সেৱা আগবঢ়োৱা যুদ্ধ বিমান কঢ়িয়াই নিয়া আইএনএছ বিৰাটে দীৰ্ঘ কাল ধৰি সেৱা আগবঢ়োৱা জাহাজ হিচাবে গীনিজ বুকুতো নিজৰ নাম লিখাবলৈ সক্ষম হৈছিল।

বিগত শতিকাৰ ৮০ ৰ দশকত  চনত ব্ৰিটেইনে দেশখনৰ নৌ বাহিনীৰ পৰা জাহাজ খন বাদ দিয়াৰ পিচতে ভাৰতে সেই খন ব্ৰিটেইনৰ পৰা কিনি লৈছিল আৰু ১৯৮১ চনত জাহাজ খন ভাৰতীয় নৌ বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল।

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।।

… the Spirit lives on pic.twitter.com/RaAuCVPjGM

— SpokespersonNavy (@indiannavy) September 19, 2020

সুদীৰ্ঘ ৩০ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিচত জাহাজ খনক ২০১৭ চনৰ আগষ্ট মাহত নৌ বাহিনীৰ পৰা অৱসৰ দিয়া হয়।

সিদ্ধান্ত লোৱা হয় জাহাজ খন ভাঙি অৱশিষ্ট খিনি বিক্ৰি কৰা হ’ব। ৩০ বছৰীয়া পৰিক্ৰমাত জাহাজ খনে ২৭ বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছে।

পানীত অতিক্ৰম কৰিছে ১০,৯৪,২১৫ কিলোমিটাৰ। ২,২৫২ দিন জাহাজ খনে নৌ সেনাৰ কামত সাগৰত যাত্ৰা কৰিছে।

জাহাজ খনে সাগৰত কটাইছে মুঠ ২২,৬২২ ঘণ্টা। সেই হিচাবত ৭ বছৰ ধৰি জাহাজ খনে কেৱল যাত্ৰাই কৰিছে।

আজি মুম্বাইৰ পৰা গুজৰাট অভিমুখে আইএনএছ বিৰাটে অন্তিম যাত্ৰা আৰম্ভ কৰিছে।

দুদিনৰ পিছত গুজৰাটৰ আলং বন্দৰ পোৱাৰ পিছতে জাহাজ খন ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱা হ’ব।

নিলামত জাহাজ খন ক্ৰয় কৰা শ্ৰীৰাম গ্ৰুপে জাহাজ খনৰ অৱশিষ্ট বিক্ৰি কৰি দিব।

আইএনএছ বিৰাটৰ শেষ যাত্ৰাৰ সময়ত নৌ সেনা বাহিনীয়ে শোক প্ৰকাশ কৰি এটা টুইট কৰিছে।

প্ৰথমে চিন্তা কৰা হৈছিল জাহাজ খন সংগ্ৰহালয়লৈ অথবা ওপঙা ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰা হ’ব।

কিন্তু সময়ত সেয়া একোৱেই কৰা নহ’ল। বিদায় আইএনএছ বিৰাট।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd