NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত পতিত প্ৰশিক্ষণ বিমান: অব্যাহত অনুসন্ধান

October 22, 2023 10:02 am · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ পুনেত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন প্ৰশিক্ষণ বিমান। প্ৰশিক্ষণৰ সময়তে জিলাখনৰ গোজুবাৱী নামৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

এই দুৰ্ঘটনাত কোনো লোকৰ হতাহতিৰ খবৰ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাৰ অধিক তথ্য সংগ্ৰহৰ বাবে এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই সদৰী কৰিছে।

লক্ষণীয়ভাৱে বৃহস্পতিবাৰেও পুনেত অনুৰূপ এক ঘটনা সংঘটিত হৈছিল। প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন বিমান।

ফ্লাইট ট্ৰেইনিং একাডেমীয়ে চলাই থকা প্ৰশিক্ষণৰ অংশ হিচাপে এই বিমানখন পশ্চিম মহাৰাষ্ট্ৰ জিলাৰ বাৰামাটি তালুকাৰ অন্তৰ্গত কাটফল গাঁৱৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

বিমানখনত থকা দুয়োজন ব্যক্তি দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল।

দুয়োগৰাকী ব্যক্তি সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰিছিল পুনেৰ প্ৰশাসনিক কৰ্তৃপক্ষই।

Related News