DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন ইটানগৰস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2018 7:04 pm
r-2
289
VIEWS
Share on FacebookShare on Twitter

ইটানগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৰুণাচলৰ জনজাতি অধ্যয়নৰ প্ৰতিষ্ঠানে (AITS) উত্তৰ পূৰ্বাঞ্চলৰ সমসাময়িক সমস্যাৱলীৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰৰ ওপৰত এক চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিব।

এই চলচ্চিত্ৰ মহোৎসৱ ২০১৯ৰ মাৰ্চৰ ৯-১১ তাৰিখলৈকে অনুষ্ঠিত কৰা হ’ব। এই চলচ্চিত্ৰ মহোৎসৱৰ শিৰোনাম ‘বৰ্ডাৰলেণ্ড নেৰেটীভ’ ৰখা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এখন মঞ্চ হ’ব। ইয়াতে সমসাময়িক দৃষ্টিকোণৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য, চিনাকী আৰু অঞ্চলটোত হোৱা পৰিৱৰ্তনৰ ওপৰত গৱেষণা কৰাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলক সুযোগ দিব।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ছকেট কুশৱালাৰ তত্বাৱদানত এই চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। সহযোগিতা আগবঢ়াইছে চাৰুকলা আৰু সংগীত, গণসংযোগ আৰু নৃতত্ব বিভাগৰ লগতে সাংস্কৃতিক গৱেষণা আৰু নথিভুক্তকৰণ কেন্দ্ৰই।

বিভাগটোৱে জনাইছে যে এই মহোৎসৱে দৃশ্য সংস্কৃতিক উদগনি দিব আৰু উঠি অহা প্ৰজন্মক দৃশ্যমান পঠনৰ বাবে উৎসাহিত কৰিব।

এই মহোৎসৱৰ প্ৰথম সংস্কৰণৰ ‘হোৱাট উই উইভ’ নামৰ অপ্ৰতিদ্বন্দ্বিতামূলক শাখাত প্ৰতিখন ৰাজ্যৰেই দুগৰাকীকৈ চলচ্চিত্ৰ নিৰ্মাতাক তেওঁলোকৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ বাবে আহ্বান জনোৱা হ’ব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে এটা অন্তৰংগ মত বিনিময়ৰো ব্যৱস্থা কৰা হ’ব।

প্ৰতিযোগিতাতামূলক শাখাৰ বিষয় হৈছে ‘ভেনিশ্বিং ৰূটছ : কলা, সংস্কৃতি আৰু লোকসংস্কৃতি। ২০১৬ৰ ১ জানুৱাৰিৰ পাছত নিৰ্মিত ফিকশ্যন আৰু ননফিকশ্যন দুয়োবিধ ফৰ্মেটৰ চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বাবে যোগ্য বিৱেচিত হ’ব। প্ৰতিযোগিতাৰ প্ৰাইজমানি হৈছে ১ লাখ টকা, এটা ট্ৰফী আৰু এখন অভিনন্দনপত্ৰ। চলচ্চিত্ৰ মহোৎসৱত পেনেল আলোচনা, বিশিষ্ট ব্যক্তিৰ ভাষণ আৰু দৃশ্য নৃতত্বৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হ’ব।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd