কংগ্ৰেছৰ সৈতে এ আই য়ু ডি এফৰ মিত্ৰতা হোৱা নাই। এই কথা জানিবলৈ দিছে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে। ২৮ মাৰ্চত ধুবুৰী সমষ্টিৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত “কোনো মিত্ৰতা নাই” বুলি স্পষ্ট কৰে সাংসদজনে।
সাংবাদিকে তেওঁক বাৰে বাৰে কলিয়াবৰ সমষ্টিৰ কথা সোঁৱৰাই দি গৌৰৱ গগৈক জিকাবৰ বাবেই দুয়োটা দলৰ মাজত গোপন মিত্ৰতা হৈছে নেকি বুলি প্ৰশ্ন সোধাত কয়, “১১টা সমষ্টি এৰি দিছো। কেৱল কলিয়াবৰক লৈ প্ৰশ্ন কিয়?”
আনহাতে দলটোৰ এজন বিধায়ক আমিনুল ইচলাম চৌধুৰীয়েও কালি সাংবাদিকৰ আগত মুকলিকৈ এই কথা কয় যে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা নাই।
“এশ শতাংশই সম্ভাৱনা থকা সমষ্টিবোৰতহে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। য’ত ৫০-৫০ সম্ভাৱনা আছে, তাতো প্ৰাৰ্থী ঘোষণা কৰা নাই।” সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ মন্তব্য।
তেওঁ ইয়াৰ ব্যাখ্যা দি আৰু কংগ্ৰেছৰ নাম উল্লেখ নকৰাকৈ কয়, “ধৰ্ম নিৰপেক্ষ ভোটৰ বিভাজন হৈ সাম্প্ৰদায়িক শক্তি যাতে জিকি আহিব নোৱাৰে, তাৰ কাৰণে আমি কম আসনত প্ৰাৰ্থী দিছো। এই সমষ্টিবিলাকত কোনে সুবিধা কোনে ল’ব ৰাজনৈতিক দলবিলাকৰ নিজৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰিব।”
তেওঁ তাৰ পিছতে কংগ্ৰেছকে যে সুযোগ দিয়া হৈছে তাৰ ইংগিত দি কয়, “কংগ্ৰেছে যদি শক্তিশালী প্ৰাৰ্থী দি আমাক হৰুৱাব খোজে তেতিয়া বুজিম যে তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ কথা এনেয়ে মুখতহে কৈ থাকে”।
আনহাতে কংগ্ৰেছে, বিশেষকৈ তৰুণ গগৈয়ে পুতেকৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবেই এ আই য়ু ডি এফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে গোপনে মিত্ৰতা কৰিছে বুলি বিজেপি-অগপই কৰি থকা দাবী অসত্য প্ৰমাণ কৰি বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁলোকৰ সৈতে মিত্ৰতা বিচাৰিছিল, কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ বাধাৰ বাবে সেয়া হৈ নুঠিল
“ৰাহুল গান্ধীয়ে মিত্ৰতা কৰিব বিচাৰিছিল যদিও অসম প্ৰদেশ কংগ্ৰেছৰ বাধাৰ বাবেই মিত্ৰতা নহ’ল। মিত্ৰতা হোৱা নাই যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যিবিলাক দল আছে, সেই বিলাক দলে ১৪টা সমষ্টি দখল কৰাটো বিচাৰো। তাৰ কাৰণেই ৩খনত প্ৰাৰ্থী দিছো, বাকীবোৰত দিয়া নাই”, অসম প্ৰদেশ কংগ্ৰেছে মিত্ৰতাত বাধাহে দিয়া বুলি দাবী বিধায়কজনৰ।