NORTHEAST NOW (Assamese)

এ আই য়ু ডি এফৰ ‘বিজেপি বিৰোধী মৰ্চা’ৰ স্বপ্ন শেষ; অৱশেষত অকলেই অৱতীৰ্ণ হ’ব লোকসভাত

March 4, 2019 10:45 pm · অনিৰ্বাণ পাঠক
Updated: March 4, 2019 10:24 pm
এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ফটো।

কংগ্রেছে নিবিচাৰিলেও কংগ্ৰেছক বিচাৰে এ আই য়ু ডি এফে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতেই মিলি যুঁজত অৱতীৰ্ণ হোৱাৰ মন আছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ। কিন্তু সেয়া নহ’লগৈ।

কংগ্ৰেছৰ পৰা মিত্ৰতাৰ বাবে কোনো সঁহাৰি নাপাই এতিয়া অকলেই নিৰ্বাচনৰ বাবে সাজু হৈছে এ আই য়ু ডি এফ। কেৱল কংগ্ৰেছেই নহয়, আন দলবোৰেও বিজেপি বিৰোধী মিত্ৰজোঁটৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিলে বুলি মন্তব্য কৰিছে এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

সোমবাৰে নৰ্থ-ইষ্ট নাওক তেওঁ কয়, “বিজেপি অসম আৰু অসমীয়াৰ বিৰোধী। এই দলটোক ক্ষমতাচ্যুত কৰা বা তেওঁলোকে অসমত বেছি আসন যাতে নাপায় তাৰ বাবে ৰাজ্যত এটা বিজেপি বিৰোধী মৰ্চাৰ প্ৰস্তাৱ দিছিলো। কংগ্ৰেছ, অগপ, এ আই য়ু ডি এফ, বি পিএফ সকলোকে লৈ এই মৰ্চা হোৱাটো বিচাৰিছিলো। কিন্তু এতিয়ালৈ কোনো দলৰ এনে কুচকাৱাজ দেখা নাই”।

অৱশেষত অকলেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হোৱা এ আই য়ু ডি এফে এইবাৰ ৭ সমষ্টিত প্ৰাৰ্থিত্ব আগ বঢ়াব বুলিও আমিনুল ইছলামে প্ৰকাশ কৰে। সমষ্টিকেইটা ক্ৰমে ধুবুৰী, বৰপেটা, কৰিমগঞ্জ, নগাঁও, কলিয়াবৰ, মঙলদৈ আৰু শিলচৰ।

২০১৪ চনৰ নিৰ্বাচনত এ আই য়ু ডি এফৰ হাতলৈ গৈছিল ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ সমষ্টি। এইবাৰ এইকেইটাৰ উপৰি আৰু এটা বা দুটা সমষ্টিত নিজৰ প্ৰাৰ্থী জিকাব পাৰিব বুলি দলটো আশাবাদী। জনালে দলটোৰ সাধাৰণ সম্পাদকজনে। টাৰ্গেটত আছে নগাঁও আৰু শিলচৰো।

ইপিনে, ধুবুৰীৰ পৰা এইবাৰো দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলেই অৱতীৰ্ণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। কিন্তু পূৰ্বৰে পৰা দলটোৰ দখলত থকা বৰপেটা আৰু কৰিমগঞ্জ আসন দুখনৰ প্ৰাৰ্থী সলনি হ’ব পাৰে। অৱশ্যে এতিয়া এই বিষয়ত চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি ইছলামে জানিবলৈ দিয়ে।

এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল নহয় বুলি দাবী কৰি বিজেপিৰ সৈতে হে এ আই য়ু ডি এফৰ পোনপটীয়া যুঁজ হ’ব বুলিও আমিনুল ইছলামে কয়। তেওঁলোকৰ বাবে কংগ্ৰেছ প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰি তেওঁ কয়, “সংখ্যালঘু প্ৰাধান্য থকা সমষ্টিত এ আই য়ু ডি এফেই জিকিব। অগপইও প্ৰভাৱ পেলাব নোৱাৰে”।

উল্লেখ্য যে, কংগ্ৰেছে কোনো কাৰণতে এ আই য়ু ডি এফৰ সৈতে মিত্ৰতা নকৰে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে। কিন্তু এই স্থিতিৰ বিপৰীতে এ আই য়ু ডি এফৰ আকৌ টান আছে কংগ্ৰেছৰ প্ৰতি। সেই কথা আমিনুল ইছলামৰ মন্তব্যতেই প্ৰকাশ পাইছে।

ইছলামে আজি নৰ্থ-ইষ্ট নাওক কয়, “কংগ্ৰেছো স্বৈৰাচাৰী আছিল, কিন্তু তেওঁলোকে ভাৰতীয় সংবিধানক আঘাত কৰা নাছিল, ধৰ্ম নিৰপেক্ষতাত আঘাত কৰা নাছিল, ভূমি হস্তান্তৰ কৰা নাছিল, অসমত বাংলাদেশী সংস্থাপন কৰা নাছিল। কিছুমান ক্ষেত্ৰত আমি দেখিছো বিজেপিতকৈ কংগ্ৰেছ বহুত ভাল আছিল”।

কংগ্ৰেছতকৈ বিজেপিক এ আই য়ু ডি এফে বেছি শত্ৰু জ্ঞান কৰে বুলিও তেওঁ প্ৰকাশ কৰে।

 

Related News