• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় জীৱন বীমা নিগমৰ কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী সাহিত্য সভাৰ

ভাৰতীয় জীৱন বীমা নিগমৰ জ্যেষ্ঠ মণ্ডল প্ৰবন্ধক মানস ৰঞ্জন চাহুক সাক্ষাৎ অসম সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 10:21 pm
ASOM SAHITYA SABHA

ফটো : অসম সাহিত্য সভা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ সকলো কাৰ্যালয়ৰ বিভাগীয় কাম-কাজত অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহৰ প্ৰয়োগ নিশ্চিত হ’ব লাগিব’। অসমীয়া ভাষা প্ৰয়োগৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আজি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে ভাৰতীয় জীৱন বীমা নিগমৰ জ্যেষ্ঠ মণ্ডল প্ৰবন্ধক মানস ৰঞ্জন চাহুক গুৱাহাটীৰ ফাঁচী বজাৰস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰি এই দাবী জনায়।

‘মাতৃভাষা আমাৰ সকলোৰে জন্মস্বত্ব’। গতিকে মাতৃভাষা ব্যৱহাৰৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত সভাই যোৱা ২১ ফেব্ৰুৱাৰিৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পৰাই গ্ৰহণ কৰা জনজাগৰণ কাৰ্যসূচীৰ অংশ হিচাপে আজি এই ভাৰতীয় জীৱন বীমা নিগমৰ লগত আলোচনাত মিলিত হয়।

Apply Now

সভাই প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়া মতে সাহিত্য সভাই গ্ৰহণ কৰা জনজাগৰণ কাৰ্যসূচীৰ অংশ হিচােপ আজি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ৰাজ্যৰ ৰাজ্যভাষা আইন-১৯৬০ প্ৰয়োগৰ বাবে গ্ৰহণ কৰা সভাৰ এই প্ৰস্তাৱ নিগমৰ কাৰ্যালয়ত এখন স্মাৰক-পত্ৰ অৰ্পণ কৰি আলোচনাত মিলিত হয়।

আলোচনা কালত সভাই নিগমৰ অনা-অসমীয়া বিষয়া-কৰ্মচাৰীক অসমীয়া ভাষা শিক্ষণৰ বাবে সকলো ব্যৱস্থা সভাৰ তৰফৰ পৰা কৰা হ’ব বুলিও উল্লেখ কৰে। এই ক্ষেত্ৰত সভাই স্পষ্ট কৰি কয় ‘অসমৰ জীৱন বীমা নিগমৰ অধীনৰ যিকোনো চাকৰিৰ বাবে গ্ৰহণ কৰা সাক্ষাৎকাৰত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব’।

সভাই এই ক্ষেত্ৰত মত প্ৰকাশ কৰি কয় যে গোলকীকৰণৰ এই সময়ছোৱাত কেৱল ইংৰাজী ভাষাটোৰ জৰিয়তে উচ্চ শিক্ষা আহৰণৰ সুযোগ দিয়াৰ বাবেই মাতৃভাষা বা চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা শিক্ষাৰ্থীসকললৈ চৰম প্ৰত্যাহ্বান আহি পৰিছে। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ নিমিত্তেই সভাই চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈকে যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈ জীৱন বীমা নিগমকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে।

এনে নিয়োগ নীতি প্ৰযোজ্য নহ’লে সভাই নিগমৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও উল্লেখ কৰে। আজিৰ আলোচনাত সভাৰ হৈ ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উপ-সভাপতি অনজ্ঞ নাথ, আহ্বায়ক হৃদয়ানন্দ গগৈ, কুঁহি উপ-সমিতিৰ আহ্বায়ক কিশোৰ জৈন আৰু নিগমৰ হৈ উপস্থিত থাকে কাজল শৰ্মা।

উল্লেখ্য, মঙলবাৰে সভাৰ সভাপতিসহ এটি সঁজাতি দলে গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিষয়া-সংগঠকৰ সৈতে অসমীয়া ভাষা প্ৰয়োগ সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd