• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচনত প্ৰাৰ্থী দিব এ আই য়ু ডি এফে : অগপ-কংগ্ৰেছৰ সমৰ্থন আশা কৰিছে আজমলে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2019 12:07 pm
jljpbqwkug-1463652774

এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনত এইবাৰ এ আই য়ু ডি এফে প্ৰাৰ্থী দিব বিচাৰিছে। তাৰ বাবে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে অগপ আৰু কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰিছে। পূৰ্বতে অগপ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক বিজয়ী কৰোৱাত এ আই য়ু ডি এফে সহায় কৰাৰ কথা দোহাৰি দল দুটাৰ পৰা এইবাৰ সমৰ্থন বিচাৰিলে আজমলে।

এ আই য়ু ডি এফৰ সভাপতি আজমলে সোমবাৰে কয় যে এ আই য়ু ডি এফে বিগত সময়ছোৱাত ৰাজ্যসভা নিৰ্বাচনত বিশেষ ভূমিকা পালন কৰি আহিছে। দলৰ বিধায়কসকলে অসমৰ হকে মাত মাতিব পৰা ধৰ্ম নিৰপেক্ষ ব্যক্তিৰ সপক্ষে তেওঁলোকৰ ভোট সাব্যস্ত কৰি আহিছে। অসম গণ পৰিষদৰ পূৰ্বৰ দুজনকৈ সাংসদ কুমাৰ দীপক দাস আৰু বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যক দলটোৰ অনুৰোধমৰ্মে এ আই য়ু ডি এফে ভোটদান কৰি বিজয়ী হোৱাত কৰাত সহায় কৰিছিল।

Apply Now

আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে প্ৰতিভা দেৱী সিং পাটিল আৰু প্ৰণৱ মুখাৰ্জীক বিনাচৰ্তে ভোট দিয়াৰ লগতে উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰি আৰু লোকসভাৰ অধ্যক্ষা মীৰা কুমাৰকো এ আই য়ু ডি এফে ভোট দিয়াৰ কথা উল্লেখ কৰে আজমলে।

কংগ্ৰেছ আৰু অগপৰ অনুৰোধমৰ্মে যিহেতু এ আই য়ু ডি এফে বিনাচৰ্তে তেওঁলোকৰ প্ৰাৰ্থীক ভোট দিছিল সেয়েহে এইবাৰ এ আই য়ু ডি এফ দলেও ৰাজ্যসভাত প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোক লৈ চিন্তা-চৰ্চা অব্যাহত ৰখাৰ কথা উল্লেখ কৰি আজমলে দলটোৰ প্ৰাৰ্থীক ৰাজ্যসভা নিৰ্বাচনত জয়ী কৰাৰ বাবে কংগ্ৰেছ-অগপৰ পৰা সমৰ্থনৰ আশা কৰাৰ কথা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, অহা জুন মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু কংগ্ৰেছী নেতা শান্তিয়াছ কুজুৰৰ কাৰ্যকাল অন্ত পৰাৰ বাবে ৰাজ্যসভাত দুখনকৈ আসন খালী হ’ব। বিধানসভাত বিৰোধী দল কংগ্ৰেছ আৰু এ আই য়ু ডি এফ মিলিও এজন প্ৰাৰ্থীক ৰাজ্যসভালৈ নিৰ্বাচিত কৰাটো কঠিন হাৱালৈ চাই এ আই য়ু ডি এফে এইবাৰ নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰ কথা চিন্তা কৰি নিৰ্বাচনত কংগ্ৰেছ আৰু অগপৰ সহায় বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd