• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এন চি পি নেতা অজিত পাৱাৰে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 10:13 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনীতিত অপূৰণীয় ক্ষতি। এক মৰ্মান্তিক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি (NCP) নেতা অজিত পাৱাৰে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (DGCA) ইতিমধ্যে নেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। এই শোকাৱহ ঘটনাত পাৱাৰৰ লগতে আন চাৰিজন লোকৰো মৃত্যু হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ পৰা এক জৰুৰী ব্যক্তিগত তথা প্ৰশাসনিক কামত বাৰামতী অভিমুখে গৈ থকা অৱস্থাত আজি পুৱা প্ৰায় ৮:৪৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাৰামতী বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বিমানখনৰ পাইলটৰ সৈতে এ টি চি (ATC) বা বায়ু যাতায়াত নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। বাৰামতী খেলপথাৰৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ পাছতে বিমানখনৰ ইন্ধনৰ টেংকিত বিস্ফোৰণ ঘটে আৰু মুহূৰ্ততে জুই আগুৰি ধৰে।

Apply Now

প্ৰাৰম্ভিক তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত অঞ্চলটোত দৃশ্যমানতা (Visibility) অতি কম আছিল। ধুঁৱলি-কুঁৱলি বতৰৰ বাবেই এই অঘটন ঘটিল নে কোনো যান্ত্ৰিক বিজুতিৰ বাবে এনে হ’ল, সেই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে। বিমানখনে সকলো সুৰক্ষা প্ৰট’কল মানি চলিছিল নে নাই, সেইটোও পৰীক্ষা কৰা হৈছে।

মহাৰাষ্ট্ৰ চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও অজিত পাৱাৰৰ পৰিয়ালৰ সদস্যসকল ইতিমধ্যে বাৰামতী অভিমুখে ৰাওনা হৈছে। শৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া সুলেও ইতিমধ্যে বাৰামতীত উপস্থিত হৈছেগৈ। এই খবৰে পাৱাৰ পৰিয়ালৰ লগতে এন চি পিৰ সকলো নেতা-কৰ্মীক শোকত ম্ৰিয়মাণ কৰি তুলিছে।

উল্লেখ্য যে মঙলবাৰে মুম্বাইত এখন কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত বুধবাৰে পুৱা অজিত পাৱাৰ বাৰামতীলৈ ৰাওনা হৈছিল। আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভত পুনেত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল নেতাগৰাকীৰ। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd