বছৰৰ শেষত খুড়াক আৰু ভতিজাকৰ মাজৰ দূৰত্ব আঁতৰিল। আগন্তুক নিৰ্বাচনত ভতিজা অজিত পাৱাৰে খুড়াক শাৰদ পাৱাৰৰ সৈতে মিত্ৰতা কৰিলে। কিছুদিন পিছতে মহাৰাষ্ট্ৰৰ মুঠ ২৯খন পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাত এন চি পিৰ দুয়োটা শিবিৰে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰচাৰ চলোৱাৰ সময়ত অজিতে স্পষ্টকৈ ক’লে যে, “আমাৰ পৰিয়ালটো পুনৰ একত্ৰিত হৈছে।”
অহা ১৫ জানুৱাৰীত ২৯খন পৌৰসভাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। এনে পৰিস্থিতিত দেওবাৰে প্ৰচাৰ চলাওঁতে অজিতে কয়, “আমাৰ পৰিয়াল একত্ৰিত হৈছে। প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ সময়তে এন চি পিৰ দুয়োটা শিবিৰে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে। এনেধৰণৰ মিত্ৰতা গঠন কৰি কিবা লাভ হ’ব নে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে বহু সময়ত কেৱল মহাৰাষ্ট্ৰৰ উন্নয়নৰ স্বাৰ্থত সিদ্ধান্ত ল’বলগীয়া হয়। এতিয়াৰ বাবে আমি একত্ৰিত হৈছো।”
অৱশ্যে এই চুক্তি কেৱল পিম্পৰী-চিঞ্চৱাড পৌৰসভা নিৰ্বাচনৰ বাবেহে। বাকী থকা নিৰ্বাচনত শাৰদ আৰু অজিতৰ এন চি পিৰ শিবিৰে পৃথকে পৃথকে যুঁজ দিব। পুনে পৌৰ নির্বাচনৰ বাবেও মিত্রতা গঢ়ি তোলাৰ বিষয়ে খুড়া আৰু ভতিজাৰ মাজত আলোচনা চলিছিল৷ কিন্তু সেই বুজাবুজি সম্ভৱত ভাঙি যাবলৈ ওলাইছে। দৰাচলতে অজিতে শাৰদৰ কথাক আওকাণ কৰিলে, এই কথাই ভাবে ভূৰখা মহলে। চৰ্চা অনুসৰি, সেইবাবেই পুনে পৌৰসভাৰ বাবে পুনৰ মহা বিকাশ আঘাদীৰ সৈতে আলোচনাত মিলিত হৈছে শাৰদে।
উল্লেখ্য যে অজিতে প্ৰায় তিনি বছৰ পূৰ্বে শাৰদ পাৱাৰৰ পৰা বিচ্ছিন্ন হৈছিল। আইনী যুদ্ধত জয়ী হোৱাৰ পিছত এন চি পিৰ ঘড়ীৰ প্ৰতীকো পালে। যোৱা বছৰ লোকসভা নিৰ্বাচনত শাৰদ পাৱাৰে ভতিজাকক প্ৰত্যাহ্বান দিছিল। কিন্তু বিধানসভা নিৰ্বাচনত দেখা গ’ল অজিত পাৱাৰৰ শিবিৰে ৪১খন আসন লাভ কৰাৰ বিপৰীতে শাৰদৰ দলটোৱে ১০খন আসনহে লাভ কৰে। তেতিয়াৰ পৰাই এনচিপি দুয়োটা শিৱিৰ একত্ৰিত হ’ব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। সেইটো পিম্পৰী-চিঞ্চৱাড পৌৰ নিগমৰ পৰাই আৰম্ভ হৈছে। অনাগত দিনত খুড়া-ভতিজাৰ মিত্ৰতাৰ হাতত ধৰাশায়ী হ’বনে বিজেপি?





