• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অজিত পাৱাৰৰ দুৰ্ঘটনাৰ আঁৰত হত্যাৰ ষড়যন্ত্ৰ : তদন্তৰ দাবীত সৰৱ মমতা বন্দ্যোপাধ্যায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 4:26 pm
89
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ এক বিমান দুৰ্ঘটনাত হোৱা আকস্মিক মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। বাৰামতীত সংঘটিত এই মৰ্মান্তিক ঘটনাই সকলোকে স্তম্ভিত কৰি তোলাৰ লগতে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দুখদায়ক ঘটনাক কেন্দ্ৰ কৰি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ে। তেওঁ এই দুৰ্ঘটনাৰ আঁৰত কোনো গভীৰ ষড়যন্ত্র থকাৰ সন্দেহ ব্যক্ত কৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এক পূৰ্ণাংগ তদন্তৰ আহ্বান জনাইছে।

বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ে কয় যে এই খবৰটো পাই তেওঁ অত্যন্ত মৰ্মাহত হৈছে। এগৰাকী উচ্চ পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ সৈতে এনে ঘটনা ঘটাটোৱে দেশৰ জনপ্ৰতিনিধিসকলৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এক ডাঙৰ প্রশ্নচিহ্ন থিয় কৰাইছে বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে এই দুৰ্ঘটনাই দেশৰ সামগ্রিক নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

Apply Now

মমতা বন্দ্যোপাধ্যায়ে এক বিশেষ সূত্ৰৰ উদ্ধৃতি দি কয় যে অলপতে অজিত পাৱাৰে বিজেপি ত্যাগ কৰাৰ চিন্তা-চৰ্চা চলাই আছিল। এনে এক জটিল ৰাজনৈতিক পৰিস্থিতিত এই বিমান দুৰ্ঘটনাটো অত্যন্ত সন্দেহজনক বুলি তেওঁ অভিহিত কৰে।

অৱশ্যে তেওঁ কাৰো নাম স্পষ্টকৈ উল্লেখ কৰা নাই যদিও ঘটনাৰ প্ৰতিটো দিশ সুক্ষ্মভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি জোৰ দিছে। সেইবাবেই তেওঁ কোনো কেন্দ্রীয় সংস্থাৰ পৰিৱৰ্তে কেৱল উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত স্বচ্ছ তদন্ত বিচাৰিছে।

কেন্দ্রীয় তদন্তকাৰী সংস্থাসমূহৰ ওপৰত তেওঁৰ কোনো আস্থা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ অভিযোগ কৰে। তেওঁৰ মতে কেন্দ্ৰীয় সংস্থাসমূহ বৰ্তমান চৰকাৰৰ হাতৰ পুতলাত পৰিণত হৈছে, গতিকে সত্য উদঘাটনৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ অনিবাৰ্য। দেশত সঘনাই ঘটি থকা বিমান দুৰ্ঘটনাসমূহৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান দেশৰ মানুহৰ কোনো সুৰক্ষা নোহোৱা হৈছে, গতিকে এই মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা হোৱাটো জৰুৰী।

শেহতীয়া ৰাজনৈতিক পৰিবেশৰ কথা সোঁৱৰাই দি মমতাই কয় যে যদিও অজিত পাৱাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ আছিল, তথাপিও তেওঁৰ ৰাজনৈতিক অৱস্থানক লৈ বিভিন্ন গুণাগঁথা চলি আছিল। তেওঁৰ সিদ্ধান্ত সলনি কৰাৰ সম্ভাৱনা থকাৰ মাজতে এনেদৰে মৃত্যুক সাবটি লোৱাটো এক ডাঙৰ ক্ষতি বুলি তেওঁ উল্লেখ কৰে। তেওঁ বিয়োগান্তক পৰিয়ালটোৰ লগতে অজিত পাৱাৰৰ সহকর্মী আৰু সমর্থকসকললৈ সমবেদনা জ্ঞাপন কৰে।

ইফালে এই দুৰ্ঘটনাৰ কাৰণক লৈও বহুতো প্ৰশ্ন উত্থাপন হৈছে। জানিব পৰা মতে বুধবাৰে পুৱাৰে পৰা বাৰামতী আৰু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলত প্রচণ্ড কুঁৱলী আছিল। দৃশ্যমানতা প্ৰায় শূন্য থকাৰ পাছতো বিমানখন উৰিবলৈ কেনেকৈ অনুমতি দিয়া হ’ল তাক লৈ বিশেষজ্ঞসকলৰ মাজত মতভেদ দেখা গৈছে। যদিও অভিযন্তাসকলে উৰণৰ পূৰ্বে সকলো দিশ ঠিক থকা বুলি সেউজ সংকেত দিছিল, তথাপি এগৰাকী উপ-মুখ্যমন্ত্ৰীৰ দৰে ভিভিআইপিৰ যাত্ৰাত কোনো গাফিলতি আছিল নেকি তাক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd