• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেট্ৰিক পৰীক্ষা পাতিলে মাতৃভাষা বিষয়ক উপেক্ষা নকৰিবলৈ ৰাজ্য চৰকাৰ আৰু ছেবালৈ অজাপৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2021 8:38 am
index.jpgb_
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (মেট্ৰিক) অসমীয়া বিষয়ৰ পৰীক্ষা নাপাতিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অন্য বিষয়ৰ সৈতে অসমীয়া বিষয়ৰো পৰীক্ষা পতাৰ দাবীৰে অসম জাতীয় পৰিষদে অসমৰ শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা স্মাৰকপত্ৰ দলৰ দুই মুখপাত্ৰ অমৃত কুমাৰ খাটনীয়াৰ আৰু অমিতাভ বৰঠাকুৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশচান্দ জৈনৰ হাতত অৰ্পন কৰে৷

Apply Now

উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফালৰ কৈ থকা হৈছে যে অহা জুলাই মাহত মেট্ৰিক পৰীক্ষা পতাৰ প্ৰস্তুতি লোৱা হৈছে আৰু ছাত্ৰ-ছাত্ৰীয়ে চাৰিটা বিষয়ৰহে পৰীক্ষা দিব লাগিব; য’ত মাতৃভাষা বিষয় অন্তৰ্ভূক্ত নহয়৷

অসম জাতীয় পৰিষদৰ মতে, মাতৃভাষা বিষয়ৰ অধ্যয়ন আইন মতে বাধ্যতামূলক আৰু সেয়া অসমীয়াকে ধৰি অসমৰ থলুৱা মাতৃভাষাসমূহৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ বাবেও জৰুৰী৷ মাতৃভাষা বিষয়ৰ পৰীক্ষা নাপাতিলে শিক্ষাৰ্থীসকলৰ ওচৰত মাতৃভাষা বিষয়ৰ গুৰুত্ব কম বুলিহে বুজোৱা হ’ব৷

সেয়ে জাতীয় পৰিষদৰ স্মাৰকপত্ৰখনত কোৱা হয় যে চাৰিটা বিষয়ত পৰীক্ষা পতা সম্ভৱ হ’লে পাঁচটা বিষয়ত পতাটোও সম্ভৱ৷ কিন্তু কোনো অৱস্থাতে অসমীয়া আৰু বড়োসহ মাতৃভাষা বিষয়ৰ পৰীক্ষা পতাৰ পৰা বিৰত থকাটো উচিত নহ’ব৷

 

তাৎপৰ্যপূৰ্ণভাৱে, জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোয়ে শিক্ষামন্ত্ৰী পেগুক সাক্ষাৎ কৰোতে তেখেতে মাতৃভাষা বিষয়ৰ পৰীক্ষা পতাৰ গুৰুত্ব উপলব্ধি কৰি পৰীক্ষা পতা হ’ব বুলি আশ্বাস দিছিল৷

কিন্তু বুধবাৰে জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত ছেবাৰ অধ্যক্ষ জৈনে কয় যে ছেবাৰ পাঠ্যক্ৰমত অসমীয়াসহ মুঠ ১১ টা মাতৃভাষা পঢ়োৱা হয় আৰু সেই মতে মাতৃভাষাৰ পৰীক্ষা পাতিবলৈ হ’লে ১১টা মাতৃভাষাৰ প্ৰশ্ন কাটিব লাগিব, সেয়ে মাতৃভাষাৰ পৰীক্ষা পতাটো সম্ভৱ নহয়৷

ছেবাৰ অধ্যক্ষগৰাকীৰ মন্তব্যটোক অসম জাতীয় পৰিষদে টুলুঙা আৰু দায়িত্বহীন মন্তব্য বুলি অনুভৱ কৰে আৰু তাত অসমীয়াসহ থলুৱা মাতৃভাষাৰ বিৰুদ্ধে চলি থকা গোপন ষড়যন্ত্ৰ লুকাই আছে বুলি সন্দেহ কৰে৷

কিয়নো মাতৃভাষা বিষয়টোত অধিক পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে তেনে পৰিস্থিতিত কলেজত আসন পাবলৈ এটা অসুবিধাজনক স্থিতিত উপনীত হ’ব; ফলত ইংৰাজী বিষয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে অধিক প্ৰাধান্য পাব৷

গতিকে পৰিস্থিতি অনুকুল হ’লে যদি পৰীক্ষা পতা হয়, তেনেহ’লে মাতৃভাষা বিষয়কো অন্য জৰুৰী বিষয়ৰ সৈতে সমান গুৰুত্ব দিয়া হয়, তাৰ প্ৰতি সচেষ্ট হ’বলৈ জাতীয় পৰিষদে চৰকাৰ আৰু ছেবাক আহ্বান জনায়৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd