DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিছপুৰৰ পৃষ্ঠপোষকতাতে চলিছে কয়লাৰ বৃহৎ চিণ্ডিকেট; অসম জাতীয় পৰিষদৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 12:05 pm
84
VIEWS
Share on FacebookShare on Twitter

দিছপুৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যজুৰি কয়লাৰ অবাধ অবৈধ খনন আৰু সৰবৰাহ চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ অজাপই। শুকুৰবাৰে এক সংবাদমেলযোগে অজাপই ৰাজ্যত চলি থকা  কয়লা ছিণ্ডিকেট সন্দৰ্ভত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

জাতীয় পৰিষদৰ নেতৃত্বই দাবী কৰে যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ  গৰু ছিণ্ডিকেটতকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আৰু বৃহৎ ছিণ্ডিকেট চলি আছে। বৰ্তমান কয়লাৰ অবৈধ সৰবৰাহৰ জৰিয়তে মাহে ২ হাজাৰ কোটিতকৈ অধিক টকাৰ লেনদেন চলি থকাৰো অভিযোগ কৰা হয়।  

অজাপই মাৰ্ঘেৰিটা-লিডুত চালানবিহীনভাৱে দৈনিক সহস্ৰাধিক ট্ৰাকত অবৈধ কয়লাৰ সৰবৰাহৰ চলি থকাৰ কথা উল্লেখ কৰে। সেইদৰে, কাৰ্বি আংলঙত ১০ টনৰ চালেনেৰে ৫০ টন কয়লা সৰবৰাহ কৰাৰ কথাও সদৰী কৰে। ইয়াৰ বাবে দৈনিক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়াৰ কথা উল্লেখ কৰি দলটোৱে দাবী কৰে যে ইয়াৰ আঁৰত দিছপুৰৰ ক্ষমতাশালী হাত আছে।

অবৈধ কয়লা খনন নিষিদ্ধ হোৱাৰ পিছতো তিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ‘ৰেট হ’ল মাইনিঙৰ জৰিয়তে অবৈধভাৱে কয়লা খনন আৰু পৰিবহন অব্যাহত থকাৰ অভিযোগ তুলি অজাপই এই সকলোবোৰত শাসকীয় দলটোৰ নেতা-পালিনেতা জড়িত থকা বুলি দাবী কৰে।

অজাপই কয় যে দেশৰ সেউজ ন্যায়াধীকৰণে ২০১৪ চনতেই কয়লাৰ ৰেট হ’ল মাইনিং নিষিদ্ধ কৰিছিল যদিও তাৰ পিছতো ৰাজ্যত কয়লাৰ অবৈধ খনন অব্যাহত আছে। অৱসৰপ্ৰাপ্ত ন্য়ায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কাকতিৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগেও ইয়াৰ প্ৰতিবেদনত অসমত ব্যাপক ‘ৰেট হ’ল মাইনিঙ’ৰ জৰিয়তে অবৈধ খনন চলি থকাৰ কথা প্ৰকাশ কৰিছে। আয়োগে ইয়াৰ প্ৰতিবেদনত অবৈধ কয়লা খননৰ ফলত বনাঞ্চল ধ্বংস হোৱাৰ লগতে অসমৰ জৈৱ-বৈচিত্ৰ বিপন্ন হোৱাৰ কথাও উল্লেখ কৰিছিল৷

আনহাতে, ৰে’ট হ’ল মাইনিঙৰ জৰিয়তে কয়লা খননৰ ফলত বিগত সময়ছোৱাত বহু শ্ৰমিকৰ মৃত্যু ঘটিছে বুলি দাবী কৰি দলটোৱে যোৱা ১৮ ছেপ্টম্বৰত তিনিচুকীয়া জিলাত সংঘটিত এনে ঘটনাত ৩ গৰাকী শ্ৰমিকৰ কয়লা খনিত আৱদ্ধ হৈ মৃত্যু হোৱাৰ শেহতীয়া ঘটনাৰ কথা উল্লেখ কৰে।

দলটোৱে অবৈধ কয়লা খনন হৈ থকা অঞ্চলসমূহৰ কথা সদৰী কৰি তিনিচুকীয়া জিলাৰ টিপং সংৰক্ষিত বনাঞ্চল আৰু নিকটৱৰ্তী লাল পাহাৰ, পাহাৰপুৰ, ফায়াৰিং ৰেঞ্জ আদি অঞ্চল, লিডু সংৰক্ষিত বনাঞ্চলৰ ঝৰ্ণাবস্তি, পাটকাই, চাইনা বস্তি, মুলুং, ডিপমাইন্ড আৰু পৰিগাঁও, মাৰ্ঘেৰিটাৰ বৰগোলাই, আৰাধৰা তথা নামদাং আদি অঞ্চলত অবৈধ কয়লা খনন চলি থকা বুলি দাবী কৰে৷

সেইদৰে, কাৰ্বি আংলং জিলাৰ জিচুবাই, কয়লাজান, লাৰ্বো, আৰ্ধা, মাঞ্জা, নগালেণ্ডৰ নাগিনীমৰাৰ কয়লা শিৱসাগৰ জিলাৰ চুনপোৰা আৰু শিমলুগুৰি আদি ঠাইত জমা কৰি তাৰ পৰা ট্ৰাক আৰু ৰে’লেৰে সৰবৰাহ কৰা হয়৷ ইয়াৰে কাৰ্বি আংলং জিলাৰ পৰা সংগৃহীত অবৈধ কয়লা অসম চৰকাৰৰ চালানৰ জৰিয়তে বিভিন্ন ঠাইলৈ পৰিবহন কৰাৰ বিপৰীতে মাৰ্ঘেৰিটা, লিডো, টিপং আদি অঞ্চলৰ কয়লা চালান অবিহনেই সৰবৰাহ কৰা হয়৷

চৰকাৰী নিয়ম মতে কয়লা বিক্ৰী আৰু সৰবৰাহ হ’লে গড়ে টনে প্ৰতি ১,২০০ টকা ৰয়েল্টি আৰু জি এছ টি পৰিশোধ কৰিব লাগে যদিও এএমডিচিৰ পৰা চালান আহৰণৰ সময়ত মাত্ৰ ১০ টন কয়লা সৰবৰাহ কৰা দেখুৱাই প্ৰতিখন ট্ৰাকৰ বাবদ ১২,০০০ টকা ৰয়েল্টি আৰু জিএছটি চৰকাৰৰ ঘৰত জমা দিয়া হয়৷ বিপৰীতে কয়লা সৰবৰাহ কৰা হয় ৪০ৰ পৰা ৫০ টন৷ বাকী টকাৰ ৰাজহ লাভৰ পৰা বঞ্চিত হয় চৰকাৰ।

অসম জাতীয় পৰিষদৰ অভিযোগ অনুসৰি, জাগুন, টিপং, লিডু আৰু মাৰ্ঘেৰিটাত গোবিন চেত্ৰী, সুনীল গুৰুং, বিনোদ গুৰুং, বগী আৰু বি গণেশ নামৰ লোককেইজনে ক্ষমতাশালী চক্ৰৰ হৈ উক্ত ধন সংগ্ৰহ কৰে। সেইদৰে, কাৰ্বি আংলং জিলাৰ কয়লাৰ চিণ্ডিকেটৰ ধন ৰামচিং টেৰন, মুকেশ, দুলাল দাস আৰু মাধব নামৰ লোককেইজনৰ লগতে তেওঁলোকৰ আন দুজনমান সহযোগীয়ে সংগ্ৰহ কৰে৷ অজাপই এক হিচাপ দাঙি ধৰি কয় যে এই অবৈধভাৱে সংগৃহীত আৰু সৰবৰাহ হৈ থকা ধনৰ পৰিমাণ প্ৰতি মাহে দুহেজাৰ কোটি টকাতকৈ অধিক হ’ব৷

অসমত সোণোৱাল চৰকাৰৰ দিনত মাহে এহেজাৰ কোটিকৈ ৫ বছৰত ৬০ হাজাৰ কোটি টকা গৰু চিণ্ডিকেটৰ পৰা অবৈধভাৱে সংগ্ৰহ আৰু সৰবৰাহ হোৱা বুলি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মেলযোগে প্ৰকাশ কৰাৰ কথা উল্লেখ কৰি অজাপই কয় যে সেই হিচাপত অবৈধ কয়লাৰ বাবদ সংগৃহীত আৰু সৰবৰাহ হোৱা ধনৰ পৰিমাণ গৰু চিণ্ডিকেটতকৈ দুগুণ হ’ব৷

সংবাদ মেলত অসম জাতীয় পৰিষদে কয় যে, অসম জাতীয় পৰিষদে উপলব্ধি কৰে যে উল্লিখিত অবৈধ, বেআইনী কাৰ্য্যসমূহৰ জৰিয়তে, অসমৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ বিনষ্ট কৰা হৈছে৷ ইয়াৰ উপৰিও অসমৰ অমূল্য প্ৰাকৃতিক সম্পদৰ ব্যাপক অপব্যৱহাৰ, বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি আৰু ধনৰ অবৈধ লেনদেন আৰু সৰবৰাহ কৰা হৈছে৷

কয়লাৰ অবৈধ খনন, সৰবৰাহ তথা অবৈধ ধন সংগ্ৰহৰ সৈতে বিজেপি দলৰ বহু নেতা-কৰ্মী জড়িত থকাৰ ৰাজহুৱা অভিযোগৰ কথা উল্লেখ কৰি অসম জাতীয় পৰিষদে পাহাৰসদৃশ নগদ টকাৰ বাণ্ডিলৰ সৈতে উঠা চৰাইদেও জিলা বিজেপিৰ নেতা সুৰেশ কোঁৱৰৰ এখন ফটোও প্ৰদৰ্শন কৰে।

এইবোৰ টকা, কয়লাৰ টকা ! দূৰ্ণীতি শূন্য অসমৰ টকা। এই মানুহজন কোন,এই টকাৰ উৎস কি, কাৰ বাবে এই টকা সংগ্ৰহ কৰিছিল চৰকাৰে তদন্ত কৰিব নে ? চাওক, আমাৰ সংবাদমেল – https://t.co/kezTpuS9Tq pic.twitter.com/sybS8JJO3S

— JAGADISH BHUYAN (@jbhuyan65) December 23, 2022

অজাপই দাবী কৰে যে ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰে যে অসমত অবৈধ কয়লা খনন আৰু সৰবৰাহ তথা অবৈধ ধন সংগ্ৰহ আৰু সৰবৰাহৰ কাৰ্য বিজেপি দলৰ ছত্ৰছায়াত তথা দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংগঠিত হৈ আহিছে৷

কয়লা চিণ্ডিকেটৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি অসম জাতীয় পৰিষদে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, চিণ্ডিকেটৰ অবৈধ ধনৰ সংগ্ৰহ আৰু সৰবৰাহ শীঘ্ৰে বন্ধ কৰা আৰু কয়লা খনন আৰু পৰিবহনত আইনগত বিধি প্ৰয়োগৰ লগতে কয়লাৰ অবৈধ খনন আৰু পৰিবহন তথা চিণ্ডিকেটৰ অবৈধ ধনৰ সংগ্ৰহ আৰু সৰবৰাহৰ লগত জড়িত ব্যক্তিসকলক তৎকালে গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে।

তদুপৰি, দলটোৱে এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে আৰু কোন জড়িত আছে, বৰ্তমানলৈকে কিমান টকাৰ ৰাজহ ফাঁকি দিয়া হ’ল আৰু মুঠ কিমান টকাৰ অবৈধ লেনদেন তথা সৰবৰাহ হ’ল সেয়া নিশ্চিত কৰিবলৈ এক ন্যায়িক তদন্ত ঘোষণা কৰাৰো দাবী তোলে।

Recent News

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd