• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১’ত অসমত প্ৰতিষ্ঠা হ’ব জাতীয় পৰিষদৰ চৰকাৰ: ঘোষণা লুৰীণৰ

অজাপত যোগদান ৰাজ্য চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব, প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু ছাত্ৰ নেতাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 24, 2020 8:14 pm

2 min read

227
VIEWS
Share on FacebookShare on Twitter

‘২১ ৰ এপ্ৰিল বা মে’ মাহত হ’ব জাতীয় পৰিষদৰ চৰকাৰ। জাতীয়তাবাদৰ চৰকাৰ যে প্ৰতিষ্ঠা হ’ব সেয়া নিশ্চিত।‘ বৃহস্পতিবাৰে গুৱাহাটীৰ লেম্বৰোডস্থিত অসম জাতীয় পৰিষদৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্য্যসূচীত অংশ লৈ এই কথা ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৰাইজৰ দল আৰু জাতীয় পৰিষদে এখনো আসন লাভ নকৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণে কয়, ‘গণতন্ত্ৰত কোনে কিমান ভোট পাব সেয়া ৰাইজে সিদ্ধান্ত ল’ব। কোন প্ৰতিনিধি বিধানসভাৰ মজিয়ালৈ যাব সেয়া ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ২১’ত জাতীয়তাবাদৰ চৰকাৰ।‘

লুৰীণে লগতে কয়, ‘এইটো নিশ্চিত যে কোনো শক্তিয়ে অসম জাতীয় পৰিষদৰ চৰকাৰক বাধা দিব নোৱাৰে। বিজেপিয়ে ইমান অত্যাচাৰ কৰাৰ পাছত, জাতীয় সত্বাক ধ্বংস কৰিবলৈ উঠি-পৰি লগাৰ পাছত বা অসমীয়া ভাষা, কলা-সংস্কৃতি নিঃশেষ কৰাৰ পাছত অসমীয়া জনসাধাৰণে এই শক্তিসমূহক উৎখাত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।‘

তদুপৰি, অসম জাতীয় পৰিষদলৈ বিভিন্ন মানুহ আহিব আৰু কিছু দিন পাছত কোন কোন নেতাই যোগদান কৰিব সেয়া স্পষ্টকৈ ওলাই পৰিব বুলি দাবী কৰে লুৰীণে।

আনহাতে, উক্ত যোগদান কাৰ্য্যসূচীতে অংশগ্ৰহণ কৰি অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভুঞাই ৰঞ্জিত দাসৰ মন্তব্যৰ বিৰোধিতা কৰি কয়, ‘যিকোনো মানুহে এতিয়া ক’বলৈ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে ২১ত চৰকাৰ গঠন কৰিব। বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অসম জাতীয় পৰিষদে এখনো আসন নাপায় বুলি ক’লে ৰাইজ পতিয়ন নাযায়। ৰাইজক পতিয়ন নিয়াবলৈহে তেওঁ মাটি-বাৰী সম্পত্তি লিখি দিম বুলি ক’বলগীয়া হৈছে।‘

‘অসম জাতীয় পৰিষদ দলটোৱে বিজেপি নেতাৰ মনত এনেদৰে স্থান লাভ কৰিছে যে তেওঁলোকে খাওঁতে, শুবলৈ লওঁতে, উঠোতে বহোতে অসম জাতীয় পৰিষদকে দেখি আছে।‘

ইপিনে, আজি অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন আই এ এছ বিষয়া তথা অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস , প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , প্ৰাক্তন বিধায়ক মকবুল হুছেইন, বি.বৰুৱা মহাবিদ্যালয়ৰ সভাপতি হেমাংগ নাথ, সন্দিকৈ মহাবিদ্যালয়ৰ ক্ৰীড়া সম্পাদক পায়ল দাস সহ কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd