ভূপেন বৰাক বাসগৃহত সাক্ষাৎ কৰি কি কথা পাতিলে অজাপৰ সভাপতি লুৰীণ জ্যোতিয়ে?

WhatsApp Image 2021-09-30 at 8.49.55 PM

Lurinjyoti Gogoi met Bhupen Bora: আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।

তেওঁৰ লগত উপস্থিত থাকে দলৰ কাৰ্যকৰী সভাপতি পৱিন্দ্ৰ ডেকা, উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী, বাণী দাস,  চামছেৰ সিং, ৰাজু ফুকনকে ধৰি অজাপৰ কেইবাজনো নেতা।

দুয়োটা দলৰ সভাপতিৰ মাজৰ উপ নিৰ্বাচন সম্পৰ্কে চলে এক ইতিবাচক আলোচনা।

সাক্ষাতৰ পাছত অজাপ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সংবাদমাধ্যমৰ আগত কৰা বক্তব্যখিনি হ’ল :

*অসমত যদি বিজেপিক প্ৰতিহত কৰিব লাগে, তেনেহ’লে সকলো একেলগ হৈ এগৰাকী প্ৰাৰ্থী থিয় কৰিব লাগিব। বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাৰ বিৰুদ্ধে থিয় দিবলৈ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ ৰাখিলে অসম জাতীয় পৰিষদে ভূপেন বৰাৰ আগত।

* অসমত এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত পুনৰবাৰ কংগ্ৰেছক এই অনুৰোধ জনোৱা হৈছে। লগতে আন আন বিৰোধী দলসমূহকো আহ্বান লুৰীণ জ্যোতি গগৈৰ।

আৰু পঢ়ক: কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?

*যদি এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী লাগে তেনেহ’লে আগতীয়াকে কোনেও প্ৰাৰ্থী ঘোষণা নকৰে। থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণাক লৈ এই মন্তব্য লুৰীণ জ্যোতি গগৈৰ।

*আমি মিত্ৰজোঁটৰ লগত পূৰ্বৰে পৰা সোমাব বিচৰা নাই। এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীহে বিচাৰিছো।

*বিধায়ক কিনা-বেচাৰ বাবেই অসমত উপ নিৰ্বাচন পাতিব লগা হৈছে।

*অসম জাতীয় পৰিষদৰ প্ৰস্তাৱত একপ্ৰকাৰ ভূপেন বৰাই সদুত্তৰ দিছে বুলি মন্তব্য লুৰীন জ্যোতি গগৈৰ।

*চৰকাৰৰ ফালৰ পৰা বিৰোধীক ভাগ ভাগ কৰাৰ কুট কৌশল চলি আছে। গণতন্ত্ৰক বন্ধকত ৰাখি এতিয়া অসমত বিধায়ক কিনা-বেচা চলি আছে। কিন্তু ইয়াৰ বিৰুদ্ধে থিয় হ’বলৈ সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব।

লগতে পঢ়ক: গান্ধী পৰিয়ালে ডুবন্ত কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নে? তেওঁলোকৰ হাতত কংগ্ৰেছ সুৰক্ষিত নে?

*বিজেপি চৰকাৰক এতিয়া আৰু বিধায়কৰ কোনো প্ৰয়োজন নাই। কিন্তু বিধায়ক কিনা-বেচা কৰি জনতাক অপমান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

*শ্বেৰমান আলীৰ মন্তব্য কেতিয়াও গ্ৰহণ যোগ্য নহয়। শ্বহীদক অপমান কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰো। শ্বেৰমান আলীক এনে মন্তব্য কৰাৰ পৰা দূৰত থাকিবলৈ সকীয়নী লুৰীণ জ্যোতি গগৈৰ।