Gandhi family:গান্ধী পৰিয়ালৰ হাতত কংগ্ৰেছ সুৰক্ষিত নে? গান্ধী পৰিয়ালে ডুবন্ত কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নে? তেওঁলোকে ভাৰতক বিজেপিমুক্ত কৰাৰ সপোন বাস্তৱায়িত হ’ব নে?
গান্ধী পৰিয়ালৰ নেতৃত্বত ২০২৪ত কংগ্ৰেছে দিল্লীৰ মছনদ সঁচাকৈ দখল কৰিব পাৰিব নে? গান্ধী পৰিয়ালৰ নেতৃত্বত সৰ্বগ্ৰাসী বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে সঁচাকৈয়ে শক্তি সঞ্চয় কৰিছে নে?
এই প্ৰশ্নসমূহ এতিয়া কেৱল দেশৰ ৰাজনীতিতে নহয় কংগ্ৰেছৰ আভ্যন্তৰীণ মহলটো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে।
বিজেপি বিৰোধী তথা কংগ্ৰেছৰ অনুগামী জনতাই নহয় কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাইও গান্ধী পৰিয়ালৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰ উত্থানকলৈ আশ্বস্ত হ’ব পৰা নাই।
বিশেষকৈ কংগ্ৰেছৰ G-23 নেতাসকলে গান্ধী পৰিয়ালৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰ উত্থানৰ সম্ভাৱনাক প্ৰায় নস্যাৎ কৰি বিষোদগাৰ প্ৰকাশ কৰিছে।
দেশৰ দুই প্ৰতিশ্ৰুতিসম্পন্ন যুৱ নেতা কানহাইয়া কুমাৰ আৰু জিগনেশ মেভানীৰ কংগ্ৰেছত যোগ দিয়াৰ সময়তে কংগ্ৰেছৰ G-23 নেতাসকলৰ অন্যতম কপিল ছিব্বালে এই আশংকা প্ৰকাশ কৰিছে।
আৰু পঢ়ক: কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?
নাম উল্লেখ নকৰিলেও গান্ধী পৰিয়ালক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল ছিব্বালে।
পঞ্জাৱৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত কপিল ছিব্বালে কংগ্ৰেছক মুণ্ডহীন পাৰ্টি বুলি উল্লেখ কৰি কেতিয়া কি সিদ্ধান্ত ল’ব লাগে সেয়াও নাজানে বুলি গান্ধী পৰিয়ালক কটাক্ষ কৰিছে।
দেশৰ কেবাখনো ৰাজ্যৰ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা-নেত্ৰীয়ে কংগ্ৰেছ এৰি যোৱাৰ পিছত বিশেষকৈ নিৰ্বাচনলৈ মাত্ৰ ৪ টা মাহ থকাৰ সময়ত কংগ্ৰেছ হাইকামাণ্ডৰ পঞ্জাৱৰ সন্দৰ্ভত ৰাজনৈতিক সিদ্ধান্তক অতি ক্ষতিকাৰক বুলি অভিহিত কৰিছে ছিব্বালে।
সাংবাদিকৰ আগত প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অধিক সোচ্চাৰ হোৱা ছিব্বালে কয় যে দেশৰ বহু কংগ্ৰেছ নেতা/নেত্ৰীয়ে কিয় দল ত্যাগ কৰিছে সেই প্ৰশ্ন দলে নিজে নিজক কৰা উচিত।
আৰু পঢ়ক: ধেমাজিত ৰাজ্যিক কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে; সংবাদমেলত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
গান্ধী পৰিয়ালৰ নাম উল্লেখ নকৰিলেও তেওঁলোকৰ অদক্ষতাৰ বাবেই এজন এজনকৈ শীৰ্ষ কংগ্ৰেছী নেতা/নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰিছে বুলিও ছিব্বালে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ইফালে ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছক শক্তিশালী কৰিবলৈ হাইকামাণ্ডলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছে কপিল ছিব্বালে।
ছিব্বালৰ এই পৰামৰ্শসমূহ কংগ্ৰেছ হাইকামাণ্ডে গ্ৰহণ কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
উল্লেখ্য যে ২০১৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ পিছতে গোলাম নৱী আজাদ আৰু কপিল ছিব্বালৰ নেতৃত্বত ২৩ গৰাকী শীৰ্ষ নেতাই কংগ্ৰেছক সমগ্ৰ দেশজুৰি সাংগঠনিক ভিত্তিত পুনৰ গঠনৰ দ্বাৰা শক্তিশালী কৰিবলৈ দাবী জনাই ছোনিয়া গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।
লগতে পঢ়ক: ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান সৰুপথাৰৰ বিধায়কৰ
দলটোৱে কংগ্ৰেছত গান্ধী পৰিয়ালৰ প্ৰতিপত্তি তথা প্ৰভাৱ হ্ৰাস কৰাৰ বাবেও দাবী জনাইছিল। কিন্তু এটা বৃহৎ লবীয়ে গান্ধী পৰিয়ালৰ সমৰ্থনত থিয় দিয়াৰ বাবে কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল। তেতিয়াৰ পৰাই কংগ্ৰেছৰ G-23 নেতাসকলে হাইকামাণ্ডৰ বিৰুদ্ধে সুযোগ পালেই সোচ্চাৰ হৈ অহা পৰিলক্ষিত হৈছে।
সেয়ে প্ৰশ্ন হৈছে দলৰ শীৰ্ষতম পৰ্যায়ত চলি থকা এই লবীকেন্দ্ৰিক বিবাদৰ মাজতো ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ২০২৪ বিজেপি হটাও মিছন কেনেকৈ সম্ভৱ হ’ব? নে কংগ্ৰেছৰ লবীকেন্দ্ৰিকতাই আৰু বিধ্বস্ত কৰিব দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটো ভৱিষ্যৎ?