NORTHEAST NOW (Assamese)

‘ফাঁকি পাৰ্টী’ বিজেপিৰ স্বৰূপ ওলাল: অসম জাতীয় পৰিষদ

June 3, 2021 11:56 am · এন ই নাও নিউজ

“নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল কোনো অৱস্থাতে বিক্ৰী নকৰে বুলি নিৰ্বাচনৰ পূৰ্বে সদম্ভে ঘোষণা কৰা বিজেপি দলৰ প্ৰকৃত স্বৰূপ ওলাই গ’ল৷’’

‘’অসমবাসী জনসাধাৰণৰ আবেগ জড়িত হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলেই নহয়, স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ ঘোষণা কৰিছিল৷’’

‘’কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতেই এইবাৰ নগাঁও কাগজ কল আৰু কাছাৰ কল দুটা নিলাম কৰিবৰ বাবে নিবিদা আহ্বান কৰাৰ ঘটনাই বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ফাঁকিবাজ চৰিত্ৰ প্ৰকট হৈ পৰিছে৷’’

এইদৰে মত ৰাজ্যখনৰ আঞ্চলিক জাতীয়তাবাদী দল অসম জাতীয় পৰিষদৰ।

কাগজ কল দুটা হিন্দুস্তান কাগজ নিগমে নিয়োগ কৰা অৱসায়কে (লিকুউডিটৰ) কালি কাগজ কল দুটা অৱসায়ন কৰাৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন জাৰি কৰা ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই  এক বিবৃতিত কয় যে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰতি দি বিজেপি দল পুনৰ ক্ষমতালৈ আহিছে৷ গতিকে কাগজ কল দুটা ৰক্ষা কৰাটো এইখন চৰকাৰৰ দায়িত্ব৷ এই দায়িত্ব পালন কৰিবলৈ ৰাজ্য চৰকাৰক জাতীয় পৰিষদে আহ্বান জনায়৷

Related News