• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আজি বিশ্ব চাইকেল দিৱস! সেন্দুৰী আলিৰ শৈশৱৰ চাইকেলখন…

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 3, 2021 11:31 am
Bycycle
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেন্দুৰী আলিৰ ওখ গৰায়েদি কো কোৱাই নামি একেবাৰে পথাৰৰ বোকাত পৰা দিনৰ শৈশৱৰ এটি সপোন আছিল এখন চাইকেল।

৬০-৭০ দশকৰ  ৰেলী (RALLIES) অথবা হাৰকুইলিছ (HERCULES), ৮০-৯০ দশকৰ এভন (AVON) বা হিৰ’ (HERO) চাইকেলখন চীটত খামুচি হাফ পেদেল মৰাৰ পৰা ফুল পেদেল মাৰি ক্ৰমে চীটত বহালৈ প্ৰত্যেকজন লোকৰে শৈশৱৰ অনন্য স্মৃতি এই  চাইকেল।

Apply Now

স্মৃতিৰ কুকিত পথৰুৱা বোকাৰ পৰাই আৰম্ভ হৈছিল চাইকেল চলোৱাৰ এটি দীঘলীয়া শৈশৱ-কৈশোৰৰ  অভিজ্ঞতাৰ  যাত্ৰা। স্কুল যোৱাৰ পৰা দোকানৰ বজাৰ কৰালৈ, উচ্চ শিক্ষাৰ দুৱাৰদলি মহাবিদ্যালয়ত ভৰি দিয়াৰ পৰা ওলাই অহা দিনলৈ। অনন্য মিঠা স্মৃতি এই চাইকেলখনৰ সতে।

খোজ কঢ়াতকৈ কম সময়ত, কম খৰচী, বিশেষকৈ কোনো ইন্ধনৰ প্ৰয়োজন নোহোৱা এই চাইকেলখনে আমাৰ চৌপাশৰ  পৰিবেশক প্ৰদূষণ মুক্ত কৰি ৰখাত অভূতপূৰ্ব অৱদান আগবঢ়োৱাৰ লগতে  চাইকেলে মানুহক নিৰোগী কৰি সু-স্বাস্থ্যৰ অধিকাৰী কৰে।

যদিওবা সময়ৰ কোৱাল সোঁতত চাইকেলখনৰ প্ৰায়োগিকতা কমি অহা দেখা গৈছে। বৰ্তমানৰ যান্ত্ৰিক জীৱনশৈলীত সেই ঠাই ল’লে গাড়ী,মটৰ চাইকেল আদি বিভিন্ন ইন্ধনযুক্ত  বাহনে। ব্যস্ততাপূৰ্ণ পথটিত সন্তানে নিৰাপদে অহা-যোৱা কৰিবলৈকে অভিভাৱকে স্কুললৈ  গাড়ীত লৈ যোৱাৰ অন্য এক  পৰিবেশ আহিল।

জীৱনশৈলীৰ এনে পৰিবৰ্তনে  আমাক যন্ত্ৰণাময় জীৱনলৈ যে লৈ গৈছে , এইকথা গমিবলৈকে যেন আহৰি নাই। পাহৰি গৈছোঁ যে সৰুতে চাইকেলখনক লৈ দেখা সপোনবোৰতে লুকাই থাকে এটি শিশুৰ শাৰীৰিক আৰু মানসিক কচৰৎ।

যেনেকৈ চাইকেল চলোৱাটো এটা উৎকৃষ্ট ব্যায়াম, তেনেকৈ সৰু সৰু সপোন বোৰত লুকাই থাকে সৃষ্টিৰ উৎস।

যিহেতু সপোনত  শিশুয়ে কল্পনাৰ জগতত বিচৰণ কৰে। আৰু  কল্পনা  হৈছে সৃষ্টিৰ আদি পথ। লুঙলুঙীয়া পথেৰে জীৱনৰ বাটকুৰি বোৱা চাইকেলখনে বাটৰ খলা-বমা বোৰ যেনেকৈ  চিনি যাবলৈ শিকায় তেনেকৈ দিয়ে জীৱন যাত্ৰাৰ  অভিজ্ঞতা।

সেইহে নষ্টালজিক দিনবোৰলৈ মনত পেলাই বহু লেখকে চাইকেলখনকে লিখনীৰ বিষয় কৰি ল’লে। গীতিকাৰে গীত ৰচিলে … মন হীৰা দৈ / চাইকেল নহ’য় টিলিঙা…. বহুতে চাইকেলৰ ৰোমাঞ্চকৰ যাত্ৰাৰে দেশ-বিদেশ ভ্ৰমণ কৰি জীৱন ধন্য কৰিলে।

যদিও চাইকেলখনৰ পূৰ্বৰ সেই  জনপ্ৰিয়তা নাই তথাপি এছিয়া মহাদেশৰ চীন বা ইউৰোপৰ বহু দেশত বৰ্তমানেও চাইকেলৰ অবাধ প্ৰচলন আছে। চাইকেলৰ  জনপ্ৰিয়তা পুনৰ উদ্ধাৰৰ বাবে, চাইকেল ব্যৱহাৰৰ সু ফলৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৩ জুন তাৰিখটোত বিশ্ব চাইকেল দিৱস ৰূপে উদযাপন কৰাৰ লক্ষ্য ল’লে।

চাইকেলৰ চলোৱাৰ এই সুকীয়া আমেজ ,ইয়াৰ উপকাৰিতা আজিৰ দিনত  সকলোৱে যেন বুজি উঠিছে। সেইবাবেই হয়তো পুৱা প্ৰাত: ভ্ৰমণলৈ ওলোৱা  বহুতেই চাইকেলখনকে সাৰথি কৰি কংক্ৰিটৰ পথলৈ ওলাই গৈছে।

প্ৰকৃতিক কিছু সময় প্ৰদূষণ মুক্ত কৰি  সুস্থিৰ বাতাবৰণত বিন্দুমাত্ৰ সহযোগিতা  আগবঢ়াবলৈ কিয় আমি বিশ্ব চাইকেল দিৱসটি সফল ৰূপায়ণৰ কাৰ্যসূচী লব নোৱাৰো?

যিহেতু এইসময়ত ৩ জুন এই  নিৰ্দিষ্ট তাৰিখটো সফল আৰু  সুচাৰুৰূপে পালন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বছৰটোৰ এটা দিন  অন্তত: গাড়ী, মটৰ আদি ইন্ধনযুক্ত বাহনৰ চলাচল বন্ধ কৰি চাইকেলখন লৈ ওলাই যাওঁ আহক।

স্থানীয়ভাৱে হ’লেও মাত্ৰ এদিনৰ বাবে স্কুল -কলেজ, বজাৰ-সমাৰ কৰাৰ পৰা চাকৰি, ব্যৱসায় নতুবা ফুৰিবলৈকে চাইকেলখন ব্যৱহাৰ কৰক। নিশ্চিতভাৱে  আপোনাৰ এই উভটনি যাত্ৰাত সহযোগী হ’ব আপোনাৰ এৰি অহা সোণালী শৈশৱ। আপুনি লাভ কৰিব এটা উৎফুল্লিত মন।

এটা কথা সঠিক যে, বিশ্ব চাইকেল দিৱস পালনৰ নামত চাইকেল ৰেচ বা সভা-সমিতি অনুষ্ঠিত কৰিলেই চাইকেলৰ জনপ্ৰিয়তা ঘূৰি নাহে।  সঁচা অৰ্থত  বছৰটোৰ এই নিৰ্দিষ্ট দিনটো চাইকেলৰ দিন হিচাপে উদযাপন  কৰক। চৰকাৰেও গ্ৰহণ কৰক উচিত পদক্ষেপ।

কোনো মন্ত্ৰী-বিধায়কে বিধানসভালৈ মাত্ৰ এটা দিন চাইকেল চলাই চাইকেলৰ জনপ্ৰিয়তা ঘূৰাই আনিব নোৱাৰে। তেনেক্ষেত্ৰত চৰকাৰৰ উচিত আৰু শক্তিশালী পদক্ষেপেহে ৰাষ্ট্ৰসংঘৰ চিন্তাৰ সৱল খোজ হ’ব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd