• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত উত্তাল গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 27, 2022 8:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট পালন কৰে৷
দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অন্যান্য নেতাসকলৰ নেতৃত্বত জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

একমাত্ৰ চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী কাম-কাজৰ বাবেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কৰিব পৰা হোৱা নাই বুলি অসম জাতীয় পৰিষদৰ নেতাসকলে চৰকাৰক দোষাৰোপ কৰে।

Apply Now

দলটোৰ নেতাসকলে কয় যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বৰ্তমানৰ চৰকাৰখনৰ শাসনত থকাৰ কোনো অধিকাৰ নাই৷ তেওঁলোকে হয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক নহ’লে গাদী এৰক ধ্বনিও দিয়ে।

উল্লেখযোগ্য যে ভাল দিন আহিব বুলি সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰা হৈছিল৷

খোদ বিজেপি দলেও পূৰ্বৰ ইউ পি এ চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে ঘোৰ সমালোচনা কৰি ৰাজপথ উত্তাল কৰিছিল। কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ পিছত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়ে নহয়, সকলো ধৰণৰ সামগ্ৰীৰ মূল্য অধিক হাৰত বাঢ়িবলৈ ধৰে৷
লক্ষ্যণীয় যে নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ সামগ্ৰীৰে মূল্য চৰকাৰে বাঢ়িবলৈ নিদিয়ে৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছতেই বস্তুৰ দাম হুৰাহুৰে বাঢ়িবলৈ আৰম্ভ কৰে বুলি অজাপৰ নেতাসকলে আজি মন্তব্য কৰে।

উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাখিছিল যদিও নিৰ্বাচন হৈ যোৱাৰ পিছত হঠাতে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী দৰৱকে ধৰি সকলো সামগ্ৰীৰে মূল্য অস্বাভাৱিক হাৰত বাঢ়িবলৈ ধৰে৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় “চৰকাৰে ইচ্ছা কৰিলে বস্তুৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰে। তাৰ উদাহৰণ হ’ল পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি হ’বলৈ নিদিয়াটো৷ পুঁজিপতি বনিয়া গোষ্ঠীসমূহৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই উক্ত গোষ্ঠীসমূহক বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিজেপিৰ চৰকাৰে সুবিধা কৰি দিয়াৰ পৰিণতি এতিয়া ৰাইজে ভোগ কৰিছে।”

গগৈয়ে লগতে কয় “বিদেশৰ পৰা অনা ঋণৰ ধনেৰে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ভোট কিনাৰ কৌশল গ্ৰহণ কৰাৰ পৰিণতি স্বৰূপে আমাৰ দেশতো শ্ৰীলংকাসদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷”

প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন বক্তব্য লিখা প্লে-কাৰ্ড প্ৰদৰ্শন কৰে৷ প্লে-কাৰ্ডসমূহত ‘মই এগৰাকী গৃহিনী, অসহনীয় মূল্যবৃদ্ধিয়ে মোৰ জীৱন কোঙা কৰি পেলাইছে’, ‘মই এগৰাকী ব্যৱসায়ী, পৰ্বতসম মূল্যবৃদ্ধিয়ে মোক কোঙা কৰি পেলাইছে’ ‘মই এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মূল্যবৃদ্ধিৰ প্ৰকোপত মই অতীষ্ঠ হৈছো’ আদি বক্তব্য লিখা আছিল৷

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় “বিজেপি চৰকাৰৰ দিনত দেশখন মাত্ৰ চাৰিজন মানুহৰ দ্বাৰা চলিছে৷ তাৰে দুজন হৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। তেওঁলোকে এফালৰ পৰা সকলো ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি গৈছে আৰু আন দুজন – আম্বানী আৰু আদানীয়ে এফালৰ পৰা কিনি গৈছে৷ এই কিনা-বেচা চলি থকা বাবেই চৰকাৰখনে অন্য ক্ষেত্ৰত মনোযোগ দিব পৰা নাই আৰু সেই কাৰণেই মূল্য বৃদ্ধি নিয়ন্ত্ৰণলৈ অহা নাই।”

জাতীয় পৰিষদে মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত অহা ৩০ এপ্ৰিলৰ দিনা ৰাজ্যজুৰি গণবিক্ষোভ কাৰ্যসূচী পালন কৰিব বুলিও দলৰ নেতাসকলে সদৰী কৰে৷

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd