DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হয় মূল্য নিয়ন্ত্ৰণ কৰক,নহ’লে গাদী এৰক’-মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাব অসম জাতীয় পৰিষদে

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
April 21, 2022 8:39 pm
156
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগেই দেশত পেট্ৰ’লৰ মূল্যই পুনৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে। ডিজেলৰ মূল্যও শতক অৰ্জনৰ পথত। ৰাতিটোৰ ভিতৰতে সকলো বয়বস্তুৰ মূল্য হোৰাহোৰে বৃদ্ধি পায়। নিত্য প্ৰয়োজনীয় খাদ্য-সামগ্ৰী, ঔষধ, গেছ ছিলিণ্ডাৰকে ধৰি গৃহ নিৰ্মাণ সামগ্ৰী সহ সকলো বয়বস্তুৰ পৰ্বতসম মূল্যবৃদ্ধিয়ে জনজীৱন সম্পূৰ্ণৰূপে কোঙা কৰি পেলাইছে।

সকলো সময়তে উন্নয়নৰ শ্লোগান আওৰৱা বিজেপি চৰকাৰ খনৰ দিনত হোৱা অভূতপূৰ্ব মূল্যবৃদ্ধিৰ টেঁটুচেপাত ৰাইজে ত্ৰাহি মধুসূদন দেখিছে বুলি দাবী কৰে অসম জাতীয় পৰিষদে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃত্তিৰ জৰিয়তে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আমাৰ ইয়াতো শ্ৰীলংকা সদৃশ পৰিবেশ সৃষ্টি হোৱাটো খাটাং। চৰকাৰৰ অবাধ দুৰ্নীতি আৰু বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থত গ্ৰহণ কৰা জনবিৰোধী নীতিয়ে দেশত হোৱা অভূতপূৰ্ব মূল্যবৃদ্ধিৰ কাৰণ। চৰকাৰে সাধাৰণ ৰাইজৰ চিন্তাক অগ্ৰাধিকাৰ নিদিলে অচিৰেই আমি এক ভয়াবহ পৰিণতিৰ মুখামুখি হোৱাটো নিশ্চিত”।

লগতে পঢ়ক: প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

“অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰকোপত জোৰা টাপলি মাৰিও সংসাৰ চলাব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে শীঘ্ৰে এই পৰিস্থিতিৰ অৱসান ঘটাব নোৱাৰিলে ব্যাপক বিদ্ৰোহ কৰাৰ বাহিৰে ৰাইজৰ হাতত আন কোনো পথ খোলা নাথাকিব। গতিকে চৰকাৰে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক অন্যথা গাদী এৰক”। চৰকাৰক প্ৰত্যাহ্বান জনাই দুয়োগৰাকী নেতাই এইদৰে কয়।

অসম জাতীয় পৰিষদৰ দলৰ মতে চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী পদক্ষেপৰ বাবেহে মূল্যবৃদ্ধিয়ে অসহনীয় ৰূপ ধাৰণ কৰিছে৷

চৰকাৰে ইচ্ছা কৰিলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো সম্ভৱ বুলি দাবী কৰি অসম জাতীয় পৰিষদে মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰু সেয়া নিন্ত্ৰণৰ দাবীত এলানি প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰে৷ 

দলটোৱে অহা ২৭ এপ্ৰিলত দিনৰ ১১ বজাৰ পৰা ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট আৰু ৩০ এপ্ৰিলত জাতীয় বিক্ষোভ ৰূপায়ন কৰিব৷ তাৰ পিছটো চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ পদক্ষেপ হাতত নল’লে দলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত থাকিব বুলি বিবৃতিত  প্ৰকাশ কৰে।

ইপিনে, মূল্যবৃদ্ধিৰ কাৰণ বাখ্যা কৰি তেওঁলোকে কয়, “তাৰে প্ৰথমটো হ’ল,পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদি ইন্ধনজাত তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপিত অত্যাধিক কৰ, মাটিৰ খাজানা, যান-বাহন কৰ, ষ্টাম্প ডিউটী, পৌৰ কৰ, বিভিন্ন সামগ্ৰীৰ ওপৰত কৰ, আৰক্ষীৰ দ্বাৰা আৰোপিত জৰিমণা (ফাইন)ৰ পৰিমাণ, বিদ্যুৎ মাচুল, টোল গেট মাচুল আদিৰ বৃদ্ধি৷ দ্বিতীয় কাৰণটো হ’ল, প্ৰথম লক ডাউনৰ সময়ত (২০২০ চনৰ ছেপ্টম্বৰ মাহত), যি সময়ত জনসাধাৰণ কৰোণা মহামাৰীৰ ত্ৰাসত ঘৰতে বন্দী হৈ আছিল, সেই সুযোগত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন (Essential Commodities Act)খন অধ্যাদেশ (Ordinance)ৰ জৰিয়তে সংশোধন কৰি নিমখক বাদ দি বাকী সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাইকীয়া কৰি দিয়ে৷ ফলত ব্যৱসায়ীসকলে নিজ ইচ্ছা মতে বস্তুৰ দাম বৃদ্ধি আৰু মজুত কৰি ৰখাৰ অবাধ স্বাধীনতা লাভ কৰে৷ পৰিণতি স্বৰূপে বজাৰ এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণলৈ বাহিৰলৈ গুচি গৈছে”।

লগতে পঢ়ক: মাইক্ৰ’ফাইন্সেৰ চেক নেপাই মহিলাৰ প্ৰতিবাদ; তিনি বিষয়াক জবাবদিহি অৰ্ধ শতাধিক মহিলাৰ

বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে অকল অসমত নিৰ্বাচন খেলাৰ নামত ব্যৱসায়ীসকলৰ পৰা ৬১১কোটি টকা সংগ্ৰহ কৰাৰ বিনিময় হিচাপে ব্যৱসায়ীসকলক এনেকৈ মূল্যবৃদ্ধি কৰাৰ অবাধ স্বাধীনতা দিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে কৰৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়া চৰকাৰৰ নিয়ন্ত্ৰণলৈ উভতাই আনিব পাৰিলেই বস্তুৰ মূল্য নিয়ন্ত্ৰণলৈ আহি যাব৷

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd