NORTHEAST NOW (Assamese)

গণৰাজ্য দিৱসৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাত বিধেয়ক বাতিলৰ দাবীত পদযাত্ৰা

January 27, 2019 8:10 am · এন ই নাও নিউজ

কালি অৰ্থাৎ ২৬ জানুৱাৰিৰ দিনা গণৰাজ্য দিৱস পালনৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিভিন্ন ঠাইত দল-সংগঠন সমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৌজ্যনত ইনথেম নগা পথা শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত উলুপ তিনিআলিৰ পৰা ৰিতু পথাৰ ৰাজহুৱা খেলপথাৰলৈ প্ৰায় ৪ কিলোমিটাৰ পথ পদযাত্ৰাৰে বিধেয়কৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি শ্ল’গানেৰে অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয় জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ, ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা সহ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি, সম্পাদকৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। ইফালে পদযাত্ৰাৰ অন্তত ৰিতুখেলপথাৰত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়।

Related News