NORTHEAST NOW (Assamese)

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত লিডুত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোঁ‌ৰ সমদল

September 30, 2018 9:03 pm · মানস প্ৰতিম গগৈ

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এক প্ৰতিবাদী জোঁ‌ৰ সমদল কাৰ্য্যসূচী লিডুত ৰূপায়ণ কৰে৷

কাৰ্যসূচীত পৰিষদৰ জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, উপদেষ্টা সঞ্জীৱ উলুপ, মাৰ্ঘেৰিটা আঞ্চলিকৰ সমিতিৰ সভাপতি বিমল সিংসহ শতাধিক কৰ্মী উপস্থিত থাকে।

যি সময়ত উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে তেনেস্থলত অসমত বৰ্তমানলৈকে এই ব্যৱস্থা নথকাত অসন্তুষ্টি প্ৰকাশ কৰি পৰিষদৰ নেতৃবৃন্দই এই ব্যৱস্থা প্ৰৱৰ্তনে অসমত অসমীয়া জাতিক আৰ্থ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে।

বৰ্তমান চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম এই তিনি ৰাজ্যত এই ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে অবৈধ লোকৰ আগ্ৰাসন ৰোধ কৰি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়া বুলি মন্তব্য কৰি উল্লিখিত ৰাজ্যসমূহৰ অনুৰূপ নীতিকে অসমৰ ক্ষেত্ৰতো ৰূপায়িত কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়৷

এই ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ-ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ইতিমধ্য এলানী প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে বুলি সংগঠনটোৰ জিলা সম্পাদক কাঞ্চন বৰাই জানিবলৈ দিয়ে।

‘অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘অসম চৰকাৰ মুৰ্দাবাদ’ আদি শ্ল’গানেৰে মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ কলেজ তিনি আলিৰ পৰা জোঁ‌ৰ সমদল আৰম্ভ কৰি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেদি লিডু আৰক্ষী চকীহৈ পুনৰ লিডু কলেজ তিনিআলিত প্ৰতিবাদী জোঁ‌ৰ সমদল সমাপ্ত কৰে।

Related News