কৃষি আইনৰ বিৰোধিতাত ‘পদ্ম বিভূষণ’ ঘূৰাই দিলে পঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰকাশ সিং বাদলে

কৃষি আইনৰ বিৰুদ্ধে দেশত কৃষকৰ আন্দোলনে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ বিৰোধিতা কৰি পঞ্জাৱৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু আকালি দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ সিং বাদলে তেওঁৰ পদ্ম বিভূষণ বঁটা ঘূৰাই দিছে।

কৃষি আইনৰ বিৰোধিতাত প্ৰকাশ সিং বাদলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ প্ৰায় তিনি পৃষ্ঠাজোৰা এখন চিঠি লিখে।

কৃষকৰ ওপৰত চলোৱা অত্যাচাৰৰ নিন্দা কৰি তেওঁক দিয়া সন্মাই ঘূৰাই দিয়ে।

পদ্ম বিভূষণ ঘূৰাই দি তেওঁ লিখে,  ‘মই ইমান দুখীয়া যে কৃষকৰ বাবে ত্যাগ কৰিবলৈ মোৰ আৰু বেলেগ একো নাই, মই আজি যি সেয়া কৃষকৰ বাবেই। যদি কৃষকসকলৰ অপমান হৈ আছে, তেন্তে এই ধৰণৰ সন্মান ৰখাৰ কোনো যুক্তি নাই।

প্ৰকাশ সিং বাদলে লিখিছে যে এনে কাৰ্যই কৃষকসকলক যথেষ্ট আঘাত কৰিছে। কৃষকৰ আন্দোলনক যিদৰে ভুল দৃষ্টিভংগীৰে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে সেয়া অত্যন্ত দুখজনক।

উল্লেখ্য কৃষি আইনৰ বিৰোধিতাত কেৱল প্ৰকাশ সিং বাদলেই নহয় আকালি দলৰ নেতা সুখদেৱ সিং ধিণ্ডছাইও এতিয়া তেওঁৰ পদ্ম ভূষণ ভাৰত চৰকাৰলৈ ঘূৰাই দিব।