NORTHEAST NOW (Assamese)

মাৰোৱাৰী মহিলা সন্মিলনৰ শিৱসাগৰ শাখাৰ দ্বাৰা কল্যাণ বৃদ্ধাশ্ৰমত গৰম কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

December 29, 2018 1:38 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: December 29, 2018 1:39 pm

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন শিৱসাগৰ শাখাই শুকুৰবাৰে শিৱসাগৰ জিলাৰ খোৱাঙত থকা কল্যাণ বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰাৰ লগতে মিঠাই, হৰলিক্স, কমলা,  আপেল, বিস্কুট, মুড়ী, কেকৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।

মহিলা সন্মিলনৰ শিৱসাগৰ শাখাৰ অধ্যক্ষা সৰোজ চৌখানী আৰু ৰাষ্ট্ৰীয় সহ সচিব কৃষ্ণা খেকাৰ নেতৃত্বত ললিতা মিট্টাল আৰু সবিতা আগৰৱালে এই সামগ্ৰীসমুহ বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী আৱাসীক প্ৰদান কৰে।

মাৰোৱাৰী মহিলা সন্মিলনৰ সদস্য সকলে বৃদ্ধ আশ্ৰমৰ আৱাসীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ অভিযোগ, সমস্যাৱলী বুজ লয়। আৱাসী সকলৰ মাজত থকা এগৰাকী কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিয়াৰ লগতে পৰিচালিকসকলক এই বৃদ্ধ ৰোগীগৰাকীক বিশেষভাৱে চোৱাচিতা কৰিবলৈ অনুৰোধ জনায়।

উল্লেথ্য যে, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ শাখা সমুহৰ ভিতৰত অন্যতম সক্ৰিয় শাখা। প্ৰতি বছৰে এই শাখাটোৱে বিভিন্ন জন- কল্যাণমূলক কাম কৰি আহিছে। কাৰাগাৰৰ মহিলা কয়দীসকলৰ মাজত চেনিটেৰী নেপকিন বিতৰণ,  অনাথ আশ্ৰম শিশুসকলৰ মাজত তেওঁলোকৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বিতৰণ কৰা আদি কাম কৰি আহিছে মহিলা সন্মিলনৰ এই শাখাটোৱে।

Related News