• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দিব লাগিব: কটাক্ষ অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 4:49 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। সোমবাৰে অমিত শ্বাহে অসমৰ পৰা বিদেশী অনুপ্ৰৱেশকাৰীক খেদিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় দিয়াৰ আহ্বান জনোৱাৰ পিছতে মঙলবাৰে কাজিৰঙাত আয়োজিত এখন সংবাদমেলত গগৈয়ে বিজেপি চৰকাৰৰ বিদেশী খেদাৰ দাবীক লৈ এই দৰে কটাক্ষ কৰে বিধায়ক গৰাকীয়ে।

কাজিৰঙাৰ দুৰ্গাপুৰস্থিত অৰ্কিড উদ্যানত আয়োজিত সংবাদমেলত অখিল গগৈয়ে কয়, “২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল বিদেশীমুক্ত অসম। বিদেশীমুক্ত, বানপানীমুক্ত আৰু দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা বিজেপিয়ে বাৰে বাৰে কৈ আহিছে। নৰেন্দ্ৰ মোদীয়ে দেশত তিনিটা কাৰ্যকাল আৰু অসমত বিজেপিয়ে দুটা কাৰ্যকাল চলোৱাৰ পাছতো এতিয়াও বিজেপিয়ে একেটা কথাই পুনৰাবৃত্তি কৰি আছে—আৰু পাঁচ বছৰ সময় দিয়ক।”

Apply Now

সংবাদমেলতে গগৈয়ে অসম বিধানসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰৰ তথ্য দাঙি ধৰি কয় যে বিজেপিৰ প্ৰথমটো কাৰ্যকালত (২০১৬–২০২০) বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে মুঠ ৭৬,০২৪ জন বিদেশী চিনাক্ত কৰা হৈছিল যদিও বহিস্কাৰ কৰা হৈছিল মাত্ৰ ২৬০ জনক। তেওঁ প্ৰশ্ন তোলে, “এই হাৰত যদি বিদেশী খেদিবলৈ হয়, তেন্তে মুখ্যমন্ত্ৰীয়ে কোৱা ৪০ লাখ বিদেশীক খেদিবলৈ বিজেপিক কিমান বছৰ সময় দিব লাগিব? সেইকাৰণেই মই কৈছোঁ—৪০ লাখ বিদেশী খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগিব।”

গগৈয়ে লগতে উল্লেখ কৰে যে বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত (২০২১ৰ পৰা ২০২৫ চনৰ অক্টোবৰলৈ) মুঠ ২৮,৭২৪ জন বিদেশী চিনাক্ত কৰাৰ বিপৰীতে বহিস্কাৰ কৰা হৈছে ১,৪১৬ জনক। দুয়োটা কাৰ্যকাল মিলাই বিজেপিৰ ১০ বছৰীয়া শাসনত মুঠ ১,০৪,৭৪৮ জন বিদেশী চিনাক্তকৰণৰ বিপৰীতে বহিস্কাৰ কৰা হৈছে মাত্ৰ ১,৬৭৬ জনক।

ইয়াৰ বিপৰীতে, ২০০১ চনৰ পৰা ২০১৫ চনলৈ তৰুণ গগৈ চৰকাৰৰ সময়ত ৩৭,৩১১ জন বিদেশী চিনাক্তকৰণ আৰু ২,৭১৯ জন বহিস্কাৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে।

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে বিজেপিয়ে এফালে বিদেশী খেদাৰ কথা কৈ আনফালে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে। “বিজেপি এটা সম্পূৰ্ণ উল্টা দল। নিৰ্বাচনৰ আগত বিদেশী খেদাৰ কথা কয়, নিৰ্বাচনৰ পাছত বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰে,” বুলিও তেওঁ মন্তব্য কৰে।

শেষত গগৈয়ে কয় যে অসমত বিদেশী সমস্যা সমাধান নোহোৱাৰ বাবে বিজেপি চৰকাৰ দায়ী আৰু ২০২৬ চনত এই চৰকাৰক বিদায় দিয়াটো অসমবাসীৰ বাবে জৰুৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd