• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তো প্রাইভেট বিমানত ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই : অখিল গগৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 1:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন কেলেংকাৰীৰে সোঁৱে-বাঁৱে ধন সংগ্ৰহ কৰা হিমন্ত বিশ্ব শৰ্মা অচিৰেই ধৰা পৰিব আৰু তেতিয়াই হিমন্তবিশ্ব শৰ্মাই ৰাজপথৰ দাঁতিৰ ফুটপাথত চাওমিন বিক্ৰী কৰিব লাগিব। ‘এটা সময় আহিব এদিন সকলোৰে বিচাৰ হ’ব, তদন্ত হ’ব, সেই বিচাৰত হিমন্তবিশ্ব শৰ্মাই দুই নম্বৰী কৰি ঘটা সমস্ত ধন যেতিয়া নাইকিয়া হ’ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সদায় চাওমিন ৰান্ধি বিক্ৰী কৰিবলগা হ’ব।’ – এই মন্তব্য বিধায়ক অখিল গগৈৰ।

কালি কাজিৰঙাত সম্বোধন কৰা এক সংবাদ মেলত অখিল গগৈয়ে কয় যে মূল্যবৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ পাচতো দুদিনৰ পাচে পাচে হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকাৰে প্ৰাইভেট বিমান লৈ বিভিন্ন স্থান ঘূৰি ফুৰিছে।

Apply Now

তেওঁ কয়, ‘ব্ৰিটিছে যেনেকৈ কানি বিক্ৰী কৰি অসমীয়া জাতি ধ্বংস কৰিছিল, বিজেপি চৰকাৰে তেনেকৈ মদ বিক্ৰী কৰি অসম ধ্বংস কৰিছে।’

বিজেপিক কঠোৰ সমালোচনা কৰি কাজিৰঙাত আয়োজন কৰা সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক গগৈয়ে লগতে কয় যে প্রায় প্রত্যেক দিনাই মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তো যিখন চৰকাৰে ঋণ ল’বলগা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই চৰকাৰখনৰ বৰ্তমান একমাত্ৰ ভাৰসা হ’ল মদ। মদৰ পৰা উঠা টকাই এই মুহূৰ্তত হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰ চলি থকাৰ আটাইতকৈ ডাঙৰ উৎস বুলি মন্তব্য কৰি গগৈয়ে কয় যে মদৰ পৰা বছৰি হেজাৰ কোটি টকাৰ ৰাজহ তেওঁলোকে সংগ্ৰহ কৰে, সেয়ে মদ বাদ দি হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰৰ কথা ভাবিব নোৱাৰি।

পূজাৰ সময়ত গুৱাহাটীত ৩০ কোটি টকাৰ মদ বিক্ৰী হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে লগতে কয়, ‘মদৰ ক্ষেত্ৰত চৰকাৰৰ কোনোধৰণৰ নিষেধাজ্ঞা নাই, ৰাজ্যত অবাধে অৰুণাচলী মদৰ দুই নম্বৰী কাৰবাৰ চলি আছে। কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত মানুহক এইখন চৰকাৰে মদৰ ওপৰতে এৰি দিছে।’

ইয়াৰ লগে লগে হিমন্তবিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজপথত চলা জনসাধাৰণৰ যান-বাহনৰ টোলটেক্সৰ উপৰি গতি নিয়ন্ত্ৰণৰ নামত ৰাজহ সংগ্ৰহেৰে দানৱীয়ভাৱে ৰাজহ সংগ্ৰহ ব্যৱস্থা চলাইছে বুলি তেওঁ অভিযোগ কৰে।

বিধায়ক গগৈয়ে কয় যে ৰাজহ সংগ্ৰহ কৰি চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰখন ৰাজ্যখনত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি গগৈয়ে প্রশ্ন কৰে কিয় অন্য ৰাজ্যলৈ সংস্থাপনৰ বাবে বহু যুৱক ঢাপলি মেলিবলগা হৈছে? চাৰি হেজাৰ পদৰ বাবে ১১ লক্ষাধিক প্ৰাৰ্থীয়ে পৰীক্ষা দিবলগা হোৱা অৱস্থাটোৱে অসমৰ নিবনুৱা সমস্যা, অসমৰ অৰ্থনৈতিক অৱস্থাটোৰ ভয়ানক ৰূপটো তুলি ধৰিছে।

আনহাতে ৰাজ্যখনত উৎপাদনশীলতা, কর্মসংস্থাপন বৃদ্ধিত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো বিশেষ কাম কৰা নাই বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘তেওঁ ছেলফি তোলা, চাওমিন ৰন্ধা আদি কাম কৰি থকাই ভাল।’

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনতে ভাৰতীয় টকাৰ আটাইতকৈ বেছি অৱনমন হৈছে বুলি অভিযোগ তুলি গগৈয়ে কয় যে ভাৰতত যিদৰে সম্পদ সৃষ্টি কৰিব লাগিছিল, যিদৰে অৰ্থনৈতিক ব্যৱস্থাটোক শক্তিশালী কৰিব লাগিছিল সেয়া মোডীয়ে নোৱাৰিলে। ১২৫ খন দেশৰ ভিতৰত ক্ষুধাৰ ক্ষেত্ৰত ভাৰত যথেষ্ট পিচপৰা বুলি উল্লেখ কৰাৰ লগতে পেট্র’ল আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিক লৈ চৰকাৰখনক সমালোচনা কৰি গগৈয়ে নৰেন্দ্ৰ মোডী চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।

তেওঁ কয়, “বিজেপিয়ে কৈছিল— মোডীৰ কাৰ্যকালটো ভাৰতৰ কাৰণে ভাল দিন কিন্তু এতিয়া বাৰম্বাৰ দেখা গৈছে যে মোডীৰ কাৰ্যকালতে ভাৰতবৰ্ষৰ টকা অবমূল্যায়ন হৈছে। আজিৰ দিনত সকলোৱে জানে যে ডলাৰৰ বিপৰীতে টকাৰ অৱনমন হৈছে নৰেন্দ্ৰ মোডীৰ দিনত। তাৰ অৰ্থটো হ’ল যে দেশৰ যি সম্পদ সৃষ্টি কৰাৰ প্ৰয়োজন আছিল, আমাৰ দেশৰ অৰ্থ ব্যৱস্থা যেনেদৰে শক্তিশালী হ’ব লাগিছিল। মোডী ডাঙৰীয়াই সেইটো কৰিব নোৱাৰিলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd