মাঘ বিহুৰ মেজিৰ জুইত নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰক অসমীয়া ৰাইজে : অখিল

24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3-1-750x375

অখিল গগৈ। ফাইল ছবি।

“দেশৰ বাবে মাত মতা মানুহৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ নিশ্চয়কৈ ভুৱা গোচৰ হ’ব।” সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী ক্লাৱৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে “ধিক্কাৰ দিৱস” পালন কৰিছিল। সেই ধিক্কাৰ দিৱসতে উত্থাপন হৈছিল স্বাধীন অসমৰ প্ৰসংগ। তাৰ পাছতেই বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত আৰু কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাই নিজাববীয়াকৈ আজি দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰে।

তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে দেশদ্ৰোহিতা কৰা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিব লাগিছিল।

তেওঁ লগতে কয়, “যিসকলে দেশপ্ৰেম কৰিছে, জাতিৰ হৈ মাত মাতিছে সেই লোকসকলৰ বিৰুদ্ধে জাতিদ্ৰোহীতাৰ গোচৰ লগালে কেনেকৈ হ’ব? অসমৰ ৰাইজ এই মুহূৰ্তত কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই।”

অসমৰ জনসাধাৰণক ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম তীব্ৰতৰ কৰিবলৈ আহ্বান জনাই অখিলে লগতে কয়,”অহা ৩১ জানুৱাৰিৰ পৰা ১১ ফেব্ৰুৱাৰিলৈকে অসমীয়া জাতিৰ জীৱন মৰণৰ দিন, গতিকে সংসদৰ অধিবেশনৰ দিনকেইটাত যাতে বিলখন গৃহীত কৰিব নোৱাৰে, তাৰ বাবে একত্ৰিত হৈ সংগ্ৰাম গঢ়ি তুলিব লাগে।”

“মাঘ বিহুৰ মেজিৰ জুইত নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰক সকলো অসমীয়া ৰাইজে। ভেলাঘৰৰ সন্মুখত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে,”- অসমীয়া ৰাইজৰ প্ৰতি এই আহ্বান অখিল গগৈৰ।

তদুপৰি মহানগৰ প্ৰশাসনে ১৪৪ ধাৰা প্ৰৱৰ্তন কৰাক কেন্দ্ৰ কৰি অখিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এইটো প্ৰশাসনৰ এক হঠকাৰী সিদ্ধান্ত। জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আন্দোলনক মষিমুৰ কৰাৰ চক্ৰান্ত কৰিছে।”