শেহতীয়াকৈ সমাপ্ত হোৱা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়াও ৰাজ্যৰ ৰাজনীতিত চৰ্চা অব্যাহত আছে। আজি সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা যায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিল বুলি কৰা দাবীক গগৈয়ে পোনচাটেই নাকচ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মিছা কথা কৈছে বুলি অভিযোগ উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে কয় যে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ সমৰ্থনত হিমন্ত বিশ্ব শৰ্মাই নিজে দুবাৰকৈ শিৱসাগৰত উপস্থিত হৈছিল।
অখিল গগৈয়ে তথ্য দি জনায় যে যোৱা ১৫ মাৰ্চত ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত মুখ্যমন্ত্ৰীয়ে এখন বৃহৎ নিৰ্বাচনী জনসভা সম্বোধন কৰিছিল। সেইদিনা প্ৰায় ২০ হাজাৰ মহিলাই উক্ত সভাত অংশ লৈছিল আৰু চেক বিতৰণৰ দৰে কাৰ্যসূচীৰ জৰিয়তে সমষ্টিটোত এক প্ৰবল ৰাজনৈতিক চাপ সৃষ্টিৰ চেষ্টা কৰা হৈছিল। ইয়াৰ পিছত পুনৰ ৭ এপ্ৰিলত শিৱসাগৰ চহৰৰ বালিঘাট পথাৰত মুখ্যমন্ত্ৰীয়ে আন এখন নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিছিল বুলি গগৈয়ে স্পষ্ট কৰি দিয়ে।
মুখ্যমন্ত্ৰীক মিছলীয়া বুলি অভিহিত কৰি গগৈয়ে কয় যে ইমান প্ৰচাৰ চলোৱাৰ পিছতো বিজেপিয়ে শিৱসাগৰত তেওঁক পৰাস্ত কৰিব নোৱাৰিলে। সকলো চৰকাৰী মেচিনেৰী আৰু বৃহৎ পৰিমাণৰ ধন খৰচ কৰিও ব্যৰ্থ হোৱাৰ বাবেই এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে অজুহাত দেখুৱাইছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এই নিৰ্বাচনত বিজেপিৰ কুশল দুৱৰীক ১৭ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি অখিল গগৈয়ে পুনৰ শিৱসাগৰ আসনখন দখল কৰিবলৈ সক্ষম হৈছে।





