• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিলে তৰিব আদালত অৱমাননাৰ গোচৰ

‘অখিলৰ কাণ্ডই জেইল খুৱাইছে কাকতৰ সম্পাদকক’-হিমন্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 23, 2019 3:42 pm

2 min read

Himu Akhil
2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে কৃষক নেতাগৰাকীয়ে।

অখিলে কয় যে তেওঁ আমাৰ বিৰুদ্ধে যি অভিযোগ আনিছিল, তাক প্ৰমাণ কৰিব নোৱাৰিলে। এতিয়া তেওঁ আদালতক অৱমাননা কৰি চালে বেৰে কোবোৱা কথা কৈছে।

‘’গুৱাহাটীৰ চেছন আদালতৰ প্ৰতি বিনম্ৰ আহ্বান যে আদালত অৱমাননা কৰাৰ গোচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। আদালতে নিজাববীয়াকৈ এই গোচৰ ল’ব লাগে। আদালতৰ এই বিষয় দৃষ্টিগোচৰ নহ’লে হিমন্তৰ বিৰুদ্ধে আদালত অৱমাননা গোচৰ দিম,’’- গগৈয়ে সংবাদমাধ্যমৰ আগত কয়।

উল্লেখযোগ্য যে, ২০১০ চনতে অৰ্থ্যাৎ ৯ বছৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা এই গোচৰত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰ সন্মুখীন হৈছিল ছেণ্টিনেল কাকতৰ প্ৰাক্তন সাংবাদিক বিকাশ শৰ্মা।

ইপিনে, ‘তদন্তকাৰী সংস্থাটোৱে স্পষ্ট তথ্য পাইছে যে উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰিৰ মূল অভিযুক্ত আৰ এইচ খানে তেওঁ কিনা বিলাসী বাহনসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰিছে।” এই বাতৰি প্ৰকাশ পোৱাৰ পাছত হিমন্তই আদালতত গোচৰ তৰাত এই মন্তব্য কৰা নাই বুলি আদালতত সাক্ষ্য দিছিল।

ইয়াৰ পাছতে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চেছন আদালতত এই গোচৰৰ সাক্ষ্য দান কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘’অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক। অখিলৰ এনে কাণ্ডই জে’ল খুৱাইছে বাতৰি কাকতৰ সম্পাদকক।‘’

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে সৰব হৈ পৰিছে কৃষক নেতাগৰাকী।

গগৈয়ে কয়, ‘’হিমন্ত বিশ্ব শৰ্মাই মানহানিৰ গোচৰ দিছিল যদিও তাৰ যথোপযুক্ত প্ৰমাণ দিব নোৱাৰাত আদালতে আমাক নিৰ্দোষী বুলি ক’লে। অৰ্থাৎ আদালতৰ ওচৰত আমি জিকিলো। হিমন্ত বিশ্ব শৰ্মা মোৰ লগত হাৰিছে। তেওঁ হৰাৰ পাছত আবোল তাবোল বকি মিছা কথা কৈ সংবাদ মাধ্যমৰ লগত মোৰ সংঘাত লগাবৰ বাবে চেষ্টা কৰিছে।‘’

তদুপৰি, ‘’হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমাৰ মুখ কেতিয়াও বন্ধ নহয়। দুৰ্নীতিপৰায়ণ মানুহক দুৰ্নীতিপৰায়ণ বুলি কোৱাৰ সাহস আমাৰ আছিল আৰু বৰ্তমানো আছে,’’ এই মন্তব্য কৃষক নেতাগৰাকীৰ।

অখিল গগৈয়ে লগতে কয়, ‘’হিমন্ত বিশ্ব শৰ্মা অতি দুৰ্নীতিগ্ৰস্ত মানুহ আছিল। অসমৰ সকলোবোৰ দুৰ্নীতিগ্ৰস্ত কামৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাই আছে। সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰি, উত্তৰ কাছাৰৰ কেলেংকাৰিত প্ৰত্যেকতে তেওঁৰ নাম জড়িত হৈ আছে।‘’

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd