• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিলে তৰিব আদালত অৱমাননাৰ গোচৰ

‘অখিলৰ কাণ্ডই জেইল খুৱাইছে কাকতৰ সম্পাদকক’-হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2019 3:42 pm
Himu Akhil
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে কৃষক নেতাগৰাকীয়ে।

Apply Now

অখিলে কয় যে তেওঁ আমাৰ বিৰুদ্ধে যি অভিযোগ আনিছিল, তাক প্ৰমাণ কৰিব নোৱাৰিলে। এতিয়া তেওঁ আদালতক অৱমাননা কৰি চালে বেৰে কোবোৱা কথা কৈছে।

‘’গুৱাহাটীৰ চেছন আদালতৰ প্ৰতি বিনম্ৰ আহ্বান যে আদালত অৱমাননা কৰাৰ গোচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। আদালতে নিজাববীয়াকৈ এই গোচৰ ল’ব লাগে। আদালতৰ এই বিষয় দৃষ্টিগোচৰ নহ’লে হিমন্তৰ বিৰুদ্ধে আদালত অৱমাননা গোচৰ দিম,’’- গগৈয়ে সংবাদমাধ্যমৰ আগত কয়।

উল্লেখযোগ্য যে, ২০১০ চনতে অৰ্থ্যাৎ ৯ বছৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল হিমন্ত বিশ্ব শৰ্মাই। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা এই গোচৰত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰ সন্মুখীন হৈছিল ছেণ্টিনেল কাকতৰ প্ৰাক্তন সাংবাদিক বিকাশ শৰ্মা।

ইপিনে, ‘তদন্তকাৰী সংস্থাটোৱে স্পষ্ট তথ্য পাইছে যে উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ কেলেংকাৰিৰ মূল অভিযুক্ত আৰ এইচ খানে তেওঁ কিনা বিলাসী বাহনসমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰিছে।” এই বাতৰি প্ৰকাশ পোৱাৰ পাছত হিমন্তই আদালতত গোচৰ তৰাত এই মন্তব্য কৰা নাই বুলি আদালতত সাক্ষ্য দিছিল।

ইয়াৰ পাছতে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চেছন আদালতত এই গোচৰৰ সাক্ষ্য দান কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘’অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক। অখিলৰ এনে কাণ্ডই জে’ল খুৱাইছে বাতৰি কাকতৰ সম্পাদকক।‘’

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে সৰব হৈ পৰিছে কৃষক নেতাগৰাকী।

গগৈয়ে কয়, ‘’হিমন্ত বিশ্ব শৰ্মাই মানহানিৰ গোচৰ দিছিল যদিও তাৰ যথোপযুক্ত প্ৰমাণ দিব নোৱাৰাত আদালতে আমাক নিৰ্দোষী বুলি ক’লে। অৰ্থাৎ আদালতৰ ওচৰত আমি জিকিলো। হিমন্ত বিশ্ব শৰ্মা মোৰ লগত হাৰিছে। তেওঁ হৰাৰ পাছত আবোল তাবোল বকি মিছা কথা কৈ সংবাদ মাধ্যমৰ লগত মোৰ সংঘাত লগাবৰ বাবে চেষ্টা কৰিছে।‘’

তদুপৰি, ‘’হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমাৰ মুখ কেতিয়াও বন্ধ নহয়। দুৰ্নীতিপৰায়ণ মানুহক দুৰ্নীতিপৰায়ণ বুলি কোৱাৰ সাহস আমাৰ আছিল আৰু বৰ্তমানো আছে,’’ এই মন্তব্য কৃষক নেতাগৰাকীৰ।

অখিল গগৈয়ে লগতে কয়, ‘’হিমন্ত বিশ্ব শৰ্মা অতি দুৰ্নীতিগ্ৰস্ত মানুহ আছিল। অসমৰ সকলোবোৰ দুৰ্নীতিগ্ৰস্ত কামৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাই আছে। সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰি, উত্তৰ কাছাৰৰ কেলেংকাৰিত প্ৰত্যেকতে তেওঁৰ নাম জড়িত হৈ আছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd