NORTHEAST NOW (Assamese)

জুবিনক ধমক আক্ৰাছুৰ : কমতাপুৰত নিষিদ্ধ জুবিন

January 15, 2023 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 15, 2023 6:37 pm

কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰা জুবিন গাৰ্গক নামনী অসম তথা কমতাপুৰ ৰাজ্যত প্ৰৱেশৰ নিষিদ্ধ কৰিছে কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই।

জনপ্ৰিয় জুবিন গাৰ্গে উজনি অসমৰ এক সংগীত অনুষ্ঠানত সাম্প্ৰতিক কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ লিবাৰেচন অফ অৰ্গনাইজেচন চমুকৈ কে এল অ ৰ সৈতে আলোচনা প্ৰসংগৰ জৰিয়তে কমতাপুৰ ৰাজ্য গঠন কৰা প্ৰস্তুতি তীব্রতৰ কৰি থকা সময়তে অসম পুনৰ বিভাজন আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক কমতাপুৰ ৰাজ্য প্ৰদানত বিৰোধিতা কৰি দিয়া মন্তব্যত জাঙুৰ খাই উঠিছে জনগোষ্ঠীটোৰ জাতীয় সংগঠন আক্ৰাছু ।

কোকৰাঝাৰ জিলাত  মাঘৰ ভোগালী বিহুৰ গৰু বিহুৰ দিনা মেজি জ্বলোৱা স্থানত আক্ৰাছু ৰ কেন্দ্ৰীয় উপ সভাপতি ব্ৰজেন ৰায়ে জুবিন গাৰ্গক মদপী আৰু ঘেন্টা বুলি অভিহিত কৰি গায়ক হিচাপে থাকিবলৈ সকীয়াই দি ভৱিষ্যত কোনো ধৰণৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ আহ্বান জনাই জুবিন গাৰ্গক নামনী অসম তথা প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত প্ৰৱেশ নিষিদ্ধ কৰি চৰম ভাবুকি প্ৰদান কৰিছে।

Related News