কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথম কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে পুনৰ এক দীঘলীয়া আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলযোগে সংগঠনটোৰ নেতৃত্বই এই কথা ঘোষণা কৰে। লগতে ৰে’ল পথ আৰু ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে ৷
সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই কয় যে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এবছৰ অতিক্ৰম কৰিলে। কেইদিনমান পূৰ্বে এই বৰ্ষপূৰ্তি কোটি কোটি টকা খৰচ কৰি পালন কৰিলে ৷ কিন্তু দুর্ভাগ্যৰ কথা যে, যোৱা এবছৰতো চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে একো পদক্ষেপ গ্রহণ নকৰিলে। কংগ্ৰেছ চৰকাৰে যিদৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিলে,ঠিক সেইদৰেই বিজেপি চৰকাৰেও আমাক প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে ৷
জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কাম ৯০ শতাংশ আগবঢ়া বুলি কোৱা চৰকাৰখনে যোৱা এবছৰত বাকী শতাংশ কাম কিয় কৰিব নোৱাৰিলে বুলি প্রশ্ন উত্থাপন কৰি জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈকো সংগঠনটোৱে দাবী জনায়। ইপিনে সংবাদ মেলত দেওবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আক্ৰাছু, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে এলানি দীঘলীয়া আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰি পুনৰ অসম উত্তপ্ত কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সম্পাদক কপিল দেৱ সিংহই।
ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৮ জুনত জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনকে ধৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ দাবীত আক্ৰাছুৱে জিলাই জিলাই ৩ ঘন্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। সেইদৰে জুলাই মাহৰ প্ৰথম সপ্তাহত দিল্লীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জুলাই মাহৰ দ্বিতীয় সপ্তাহত নগাঁও আৰু মৰিগাঁও জিলাৰ উদ্যোগত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰিব ৷ ইয়াৰ পিচতো যদি চৰকাৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে আগষ্ট মাহত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ৷
এইবাৰ আমি বহি নাথাকো, বৰং আমাৰ কিমান ক্ষমতা আছে সেয়া দেখুৱাই দিয়াৰ বাবে সাঁজু হৈছো ৷ ইয়াৰ বাবে জনগোষ্ঠীটোৰ ৰাইজৰ কিবা ক্ষয় ক্ষতি হলে তাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও আক্ৰাছুৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীকলৈ যি আন্দোলন চলি আছে, সেই দাবীক ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰাধান্য দিলে জনগোষ্ঠীটোৱে নিশ্চয়কৈ এই চৰকাৰখনক গুৰুত্ব প্ৰদান কৰিব ৷ কিন্তু প্ৰতিশ্ৰুতি দিও চৰকাৰখনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ বৰং জনজাতিকৰণৰ সমস্যাটোকলৈ চৰকাৰখনে হেতালিহে খেলি আছে ৷
কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে আৰু কিছু দল – সংগঠনক মাতি বৈঠকত অনুষ্ঠিত কৰি সমস্যাটো সমাধান কৰিব বুলিও চৰকাৰে কৈছিল ৷ আজিলৈকে চৰকাৰৰ কোনো দল সংগঠনক মতাৰ বাবে সময়ে নহ’ল ৷ সেয়ে আমি পুনৰ এলানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ সংবাদ মেলত আক্ৰাছুৰ আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি এইবাৰ ২৯ জুলাইত কোকৰাঝাৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। তদুপৰি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰদান কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন প্ৰকৃতাৰ্থত কাৰ্য্যক্ষম কৰাৰ বাবে অসম চৰকাৰক দাবী জনায়ই কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰদান কৰা ক্ষুদ্ৰ ৰাজনৈতিক ব্যৱস্থাটোক লৈ চৰকাৰক হেতালি নেখেলিবলৈকো সকীয়াই দিয়ে সংগঠনটোৱে ৷