• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 26, 2022 7:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথম কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে পুনৰ এক দীঘলীয়া আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলযোগে সংগঠনটোৰ নেতৃত্বই এই কথা ঘোষণা কৰে। লগতে ৰে’ল পথ আৰু ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে ৷

সংবাদ মেলত আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহই কয় যে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এবছৰ অতিক্ৰম কৰিলে। কেইদিনমান পূৰ্বে এই বৰ্ষপূৰ্তি কোটি কোটি টকা খৰচ কৰি পালন কৰিলে ৷ কিন্তু দুর্ভাগ্যৰ কথা যে, যোৱা এবছৰতো চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে একো পদক্ষেপ গ্রহণ নকৰিলে। কংগ্ৰেছ চৰকাৰে যিদৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰিলে,ঠিক সেইদৰেই বিজেপি চৰকাৰেও আমাক প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে ৷

Apply Now

জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কাম ৯০ শতাংশ আগবঢ়া বুলি কোৱা চৰকাৰখনে যোৱা এবছৰত বাকী শতাংশ কাম কিয় কৰিব নোৱাৰিলে বুলি প্রশ্ন উত্থাপন কৰি জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈকো সংগঠনটোৱে দাবী জনায়। ইপিনে সংবাদ মেলত দেওবাৰে কামৰূপ (গ্ৰাম্য) জিলাৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আক্ৰাছু, মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে এলানি দীঘলীয়া আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰি পুনৰ অসম উত্তপ্ত কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে আক্ৰাছুৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সম্পাদক কপিল দেৱ সিংহই।

ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৮ জুনত জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনকে ধৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ দাবীত আক্ৰাছুৱে জিলাই জিলাই ৩ ঘন্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। সেইদৰে জুলাই মাহৰ প্ৰথম সপ্তাহত দিল্লীত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জুলাই মাহৰ দ্বিতীয় সপ্তাহত নগাঁও আৰু মৰিগাঁও জিলাৰ উদ্যোগত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰিব ৷ ইয়াৰ পিচতো যদি চৰকাৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহলে আগষ্ট মাহত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ৷

এইবাৰ আমি বহি নাথাকো, বৰং আমাৰ কিমান ক্ষমতা আছে সেয়া দেখুৱাই দিয়াৰ বাবে সাঁজু হৈছো ৷ ইয়াৰ বাবে জনগোষ্ঠীটোৰ ৰাইজৰ কিবা ক্ষয় ক্ষতি হলে তাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও আক্ৰাছুৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷ আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীকলৈ যি আন্দোলন চলি আছে, সেই দাবীক ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰাধান্য দিলে জনগোষ্ঠীটোৱে নিশ্চয়কৈ এই চৰকাৰখনক গুৰুত্ব প্ৰদান কৰিব ৷ কিন্তু প্ৰতিশ্ৰুতি দিও চৰকাৰখনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ বৰং জনজাতিকৰণৰ সমস্যাটোকলৈ চৰকাৰখনে হেতালিহে খেলি আছে ৷

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে আৰু কিছু দল – সংগঠনক মাতি বৈঠকত অনুষ্ঠিত কৰি সমস্যাটো সমাধান কৰিব বুলিও চৰকাৰে কৈছিল ৷ আজিলৈকে চৰকাৰৰ কোনো দল সংগঠনক মতাৰ বাবে সময়ে নহ’ল ৷ সেয়ে আমি পুনৰ এলানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ সংবাদ মেলত আক্ৰাছুৰ আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি এইবাৰ ২৯ জুলাইত কোকৰাঝাৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। তদুপৰি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰদান কৰা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন প্ৰকৃতাৰ্থত কাৰ্য্যক্ষম কৰাৰ বাবে অসম চৰকাৰক দাবী জনায়ই কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰদান কৰা ক্ষুদ্ৰ ৰাজনৈতিক ব্যৱস্থাটোক লৈ চৰকাৰক হেতালি নেখেলিবলৈকো সকীয়াই দিয়ে সংগঠনটোৱে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd